/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/pi5kpg7p/4.jpg)
ডিজিটেল ডেস্কঃ আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মজয়ন্তী। এই উপলক্ষে দেশবাসীয়ে সদ্ভাৱনা দিৱস উদযাপন কৰিছে। ইফালে দিল্লীৰ বীৰ ভূমিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সমাধিত পুষ্পাঞ্জলি জ্ঞাপন কৰা উদ্দেশ্যে বৰষুণত তিতিয়ে উপস্থিত হয় পুত্ৰ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁৰ লগত উপস্থিত থাকে প্ৰিয়ংকা গান্ধী,ৰ'বাৰ্ট বট্ৰা আৰু তেওঁলোকৰ পুত্ৰ। সপৰিয়ালে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
পৰিয়ালৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলী জনায়। নিজ এক্সৰ জৰিয়তে খাৰ্গেয়ে কয় যে, "আজি দেশখনে সদ্ভাৱনা দিৱস উদযাপন কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ভাৰতৰ এগৰাকী মহান পুত্ৰ আছিল। তেওঁ কোটি কোটি ভাৰতীয়ৰ মাজত আশাৰ ৰেঙনি দেখুৱাইছিল আৰু তেওঁৰ অভূতপূৰ্ব অৱদানৰ দ্বাৰা তেওঁ ভাৰতক একবিংশ শতিকালৈ লৈ আহিছিল।"
লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
Also Read: উচ্চতম ন্যায়ালয়ত কলকাতাৰ ঘটনাৰ শুনানিঃ কেইবাটাও প্ৰশ্ন ডি ৱাই চন্দ্ৰচূড়ৰ