ৰাজস্থানত ৩ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিলে বিজয়ৰ সোৱাদঃ অপৰিৱৰ্তিত ৪ ৰাজ্যৰ ভোটগণনাৰ দৃশ্যপট...

ৰাজস্থানত ৩ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিলে বিজয়ৰ সোৱাদঃ অপৰিৱৰ্তিত ৪ ৰাজ্যৰ ভোটগণনাৰ দৃশ্যপট...
ৰাজস্থানত ৩ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিলে বিজয়ৰ সোৱাদঃ অপৰিৱৰ্তিত ৪ ৰাজ্যৰ ভোটগণনাৰ দৃশ্যপট...

ডিজিটেল ডেস্কঃ দিনৰ ২ বজালৈকে অনুষ্ঠিত হোৱা ভোটগণনাত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৩ খন ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে প্ৰেক্ষাপট। মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়ত বিজেপি আগবাঢ়ি হৈ থকাৰ বিপৰীতে কংগ্ৰেছ তেলেংগানাত আগবাঢ়ি আছে।

মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপি ১৬১ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ আগবাঢ়িছে ৬৬ খন আসনত। ইয়াৰোপৰি বি এছ পি আৰু অন্যন্য মিলি ৩ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ৰাজস্থানৰ ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১১৩ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ৭০ খন আসনত। বি এছ পিয়ে ২ খন আৰু অন্যান্যই ১১ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ছত্তিশগড়ত বিজেপি ৫৫ খন আসনত, কংগ্ৰেছ ৩২ খন আসনত আগবাঢ়ি আছে। বি এছ পি, চি পি আই আৰু জি জি পি এখনকৈ আসনত আগবাঢ়িছে।

তেলেংগানাৰ ১১৯ খন আসনৰ ভিতৰত কংগ্ৰেছ আগবাঢ়ি আছে ৬৩ খন আসনত। বি জে পি আগবাঢ়িছে ৮ খন আসনত। ইয়াৰোপৰি এ আই এম আই এম আৰু চি পি আই ক্ৰমে ৬ আৰু ১ খন আসনত আগবাঢ়ি আছে।

ৰাজস্থানত ইতিমধ্যে ২ জন বিজেপি প্ৰাৰ্থী আৰু আন এগৰাকী প্ৰাৰ্থী বিজয়ী হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজয়ী প্ৰাৰ্থী দুগৰকী ক্ৰমে ১৪৭ নং পিন্দৱাৰা বিধানসভা সমষ্টিৰ ছমাৰম আৰু ২০০ নং মনোহৰ ঠানে বিধানসভা সমষ্টিৰ গোবিন্দ প্ৰসাদ। ইয়াৰে ছমাৰমে লাভ কৰিছে ৭০৬৪৭ টা ভোট। তেওঁ নিকটতম প্ৰাৰ্থীগৰাকীক ১৩০৯৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

গোবিন্দ প্ৰসাদে তেওঁৰ নিকটতম প্ৰাৰ্থীগৰাকীক ২৪৮৬৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। তেওঁ লাভ কৰিছে ৮৫৩০৪ টা ভোট। আনহাতে ভাৰত আদিবাসী পাৰ্টীৰ ৰাজকুমাৰ ৰাৱটে চৌৰাসী সমষ্টিৰ পৰা ১১১৫০ টা ভোট লাভ কৰি নিৰ্বাচিত হৈছে। তেওঁ নিকটতম প্ৰতিদ্বন্দিগৰাকীক ৬৯১৬৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

ৰাজস্থানত ৩ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিলে বিজয়ৰ সোৱাদঃ অপৰিৱৰ্তিত ৪ ৰাজ্যৰ ভোটগণনাৰ দৃশ্যপট...
এক্সত ট্ৰেণ্ডিং- মোডী নহয় ৰাহুলহে পৌনটি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in