ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকে খুন্দিয়ালে বাছক, মৃত্যু ১১ জনৰ আহত বহুতো

এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ গৰাকীকৈ লোকৰ প্ৰাণ যোৱাৰ উপৰিও আহত হয় বহুতো।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকে খুন্দিয়ালে বাছক, মৃত্যু ১১ জনৰ আহত বহুতো

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ গৰাকীকৈ লোকৰ প্ৰাণ যোৱাৰ উপৰিও আহত হয় বহুতো।এই হৃদয়বিদাৰক ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Advertisment

বুধবাৰে পুৱাৰ ভাগত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়। ৰাজস্থানৰ ভৰতপুৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে গুজৰাটৰ পৰা একাংশ তীৰ্থযাত্ৰী বাছেৰে আহি থকাৰ পথত ট্ৰাকৰ লগত খুন্দা খাই হোৱা সংঘৰ্ষত ১১ জনৰ মৃত্যু হয়।

আজি পুৱতি নিশা প্ৰায় ৪ বজাত এই ঘটনা সংঘটিত হয়। ট্ৰাকখনে পাছৰ পৰা তীব্ৰগতিৰে আহি বাছখনত খুন্দা মাৰে। যাৰ ফলত ১১ গৰাকীৰ মৃত্যু হোৱাৰ উপৰিও ১৫ জন গুৰুতৰভাৱে আহত হয়।

এই ঘটনাৰ ওপৰত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে।

আনহাতে প্ৰধানমন্ত্ৰীয়ে ভৰতপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক পিএমএনআৰএফৰ পৰা ২ লাখ আৰু আহতসকলক ৫০,০০০ টকা দিয়াৰ ঘোষণা কৰে।

পিএমঅ'ৰ পৰা টুইটত মোডীয়ে কয় যে, ৰাজস্থানৰ ভৰতপুৰত সংঘটিত পথ দুৰ্ঘটনা অতি দুখজনক। প্ৰাণ হেৰুওৱা ভক্তসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহত সকলোৰে দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

Also Read: লিভ-ইন সম্পৰ্কঃ বিয়া পাতিবলৈ কোৱাৰ বাবে পত্নীৰ সৈতে মিলি প্ৰেমিকাক হত্যা...

narendra modi road accident