/asomiyapratidin/media/media_files/2025/05/02/wJHT10oe1WlOfVw7issT.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ মাজত ৰাজস্থানৰ চোৰাংচোৱা বিভাগে পাকিস্তানৰ আই এছ আইৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ৰাজ্যখনৰ জয়ছালমেৰৰ এগৰাকী স্থানীয় বাসিন্দাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আই এছ আইৰ হৈ চোৰাংচোৱাগিৰি কৰা এই লোকজনৰ নাম পাঠান খান।
এই সম্পৰ্কীয় এক আনুষ্ঠানিক বিবৃতিত জনোৱা অনুসৰি অভিযুক্ত পাঠান খানে ২০১৩ চনত পাকিস্তান ভ্ৰমণ কৰিছিল আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সংস্পৰ্শলৈ আহিছিল।প্ৰায় এমাহ পূৰ্বেই আটক কৰা পাঠান খানৰ জেৰা অব্যাহত ৰাখিছিল আৰু ১ মে’ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
পাঠান খানৰ বিৰুদ্ধে অফিচিয়েল ছিক্ৰেটছ এক্ট, ১৯২৩ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। পাকিস্তানত খানক ধনেৰে প্ৰলোভিত কৰি চোৰাংচোৱাগিৰিৰ প্ৰশিক্ষণ দিয়া হৈছিল।২০১৩ চনৰ পিছতো তেওঁ পাকিস্তান ভ্ৰমণ কৰি আই এছ আইৰ বিষয়াসকলক সাক্ষাৎ কৰিছিল।
জয়ছালমেৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে জড়িত স্পৰ্শকাতৰ আৰু গোপনীয় তথ্য তেওঁ আই এছ আইৰ হাতত অৰ্পণ কৰিছিল বুলিও জানিব পৰা গৈছে। ইফালে, শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ৰাজস্থানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত বাস কৰা গাঁওবাসীয়ে সাম্ভাৱ্য সকলো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু হৈছে আৰু ভাৰতীয় সেনাক সকলো ধৰণে সহায় কৰিবলৈ সাজু হৈছে।
ৰাজস্থানৰ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভাৰতীয় গাওঁসমূহত এই সময়ত সম্ভাব্য যুদ্ধ পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলিছে।গাওঁসমূহৰ স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে সামৰিক যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হ’লে সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনী উভয়কে আশ্ৰয় দিবলৈ ইতিমধ্যে বাংকাৰ নিৰ্মাণ কৰা হৈছে।
অঞ্চলটোৰ স্থানীয় ৰাইজে ২২ এপ্ৰিলৰ পেহেলগাম হত্যাকাণ্ডক গৰিহণা দি পৰিস্থিতি অনুসৰি প্ৰতিশোধ ল’বলৈ ভাৰত চৰকাৰক আহ্বানো জনাইছে। এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অৰ্জুন সিং নামৰ এজন স্থানীয় ব্যক্তিয়ে কয় যে, "পাকিস্তানক প্ৰত্যুত্তৰ দিয়াটো নিতান্তই প্ৰয়োজনীয়। তেওঁলোকে আমাক উচটনি দি থাকে, আৰু পেহেলগামত তেওঁলোকে যি কৰিলে, নিৰস্ত্ৰ সাধাৰণ নাগৰিকক হত্যা কৰিলে, সেয়া গ্ৰহণযোগ্য নহয়। সেনাই প্ৰতিশোধ ল'ব লাগিব।"
তেওঁ ১৯৭১ চনৰ যুদ্ধৰ কথা মনত পেলাই কয় যে, সেই সময়ত মই ৰামগড়ত আছিলো, তাত অহৰহৰ বোমা পৰি আছিল। সেই সময়ত আমি সেনাবাহিনীক সম্ভৱপৰ সকলো ধৰণে সহায় কৰিছিলো। আজিও আমি যিমানেই কষ্ট নহওক কিয়, সহায় কৰিবলৈ সাজু।"
ইফালে, পাকিস্তানী সেনায়ো ভাৰতৰ সীমান্তত নিজৰ প্ৰস্তুতি তীব্ৰতৰ কৰিছে বুলি জানিব পৰা গৈছে। সীমান্তৰ ফৰৱাৰ্ড স্থানত এয়াৰ ডিফেন্স আৰু আৰ্টিলাৰী ইউনিট মোতায়েন কৰিছে। বৰ্তমান পাকিস্তান বায়ুসেনাই একেলগে ফিজা-ই-বদৰ, লালকৰ-ই-মমিন, আৰু জাৰ্ব-ই-হাইদাৰী নামৰ তিনিটা অনুশীলন চলাই আছে। এই অনুশীলনসমূহত এফ-১৬, জে-১০, জে এফ-১৭কে ধৰি সকলো ডাঙৰ যুদ্ধ বিমান ব্যৱহাৰ কৰিছে।
ইফালে প্ৰতিৰক্ষা সূত্ৰত প্ৰকাশিত এক খবৰ অনুসৰি মঙলবাৰে ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে হটলাইনৰ জৰিয়তে পাকিস্তানে অপ্ৰৰোচিত যুদ্ধবিৰতি উলংঘাৰ বিষয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে। তেওঁলোকে কয় যে নিয়ন্ত্ৰণ ৰেখা (এল অ’ চি) আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তান সেনাই অপ্ৰৰোচিত যুদ্ধবিৰতি উলংঘাৰ বিৰুদ্ধে ভাৰতে পাকিস্তানক সকীয়াই দিছে। পাকিস্তান সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে অপ্ৰৰোচিত ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাৰ প্ৰতি ভাৰতীয় সেনায়ো প্ৰত্যুত্তৰ দিছে।