ৰাজস্থানত এই পৰ্যন্ত কোনে কোনে মাৰিলে হাঁহি...

ৰাজস্থানত এই পৰ্যন্ত কোনে কোনে মাৰিলে হাঁহি...
ৰাজস্থানত এই পৰ্যন্ত কোনে কোনে মাৰিলে হাঁহি...

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজস্থানত এই পৰ্যন্ত ২৩ গৰাকী বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেও।

ৰাজ্যখনত বিজয়ী বিজেপি প্ৰাৰ্থীসকল ক্ৰমে বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে গোৰধন, মহেন্দ্ৰ পাল মীনা, বালমুকুন্দচেৰী, দিয়া কুমাৰী, কৈলাশ চন্দ বাৰ্মা, ড০ জশৱন্ত সিং যাদৱ, দেৱী সিং শেখাৱট, সঞ্জয় শৰ্মা, ৰাজেন্দ্ৰ, জীতেন্দ্ৰ কুমাৰ গোথাল, অনিতা ভাদেল, চট্টোসিং, অজয় সিং, হামিৰ সিং ভায়াল, ছামাৰম, শ্ৰীচান্দ কৃপালানী, গৌতম কুমাৰস দিপ্তী কিৰণ মহেশ্বৰী, জাৱৰ সিং ছাংখালা, হীৰা লাল নাগৰ, মদন দিলাৱৰ, বসুন্ধৰা ৰাজে আৰু গোবিন্দ প্ৰসাদ।

আনহাতে ৰাজ্যখনত বিজেপি আগবাঢ়ি আছে আন ৯১ খন আসনত।

এই পৰ্যন্ত কংগ্ৰেছৰ ১১ জন প্ৰাৰ্থী বিজয়ী হৈছে। বিজয়ী প্ৰাৰ্থীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী অশোক গেহলটো। ৰাজ্যখনৰ বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে ছিমলা দেৱী, হাকাম আলী খান, ড০ শিখা মিল বাৰালা, বিদ্যাধনৰ সিং, আমিন কাগজি, ৰাফিক খান, টিকাৰাম জুল্লী, সঞ্জয় কুমাৰ, শুভাৰাণী কুশৱাহ, ৰোহিত বহৰাহ, অনিতা জাতভ আৰু চেতন পাটেল কোলানা।

ইয়াৰোপৰি ৰাজ্যখনত ৫৮ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। ইয়াৰোপৰি ৰাজ্যখনত ভাৰত আদিবাসী পাৰ্টিয়ে এখন আসনত আৰু বি এছ পিয়ে এখন আসনত বিজয় সাব্যস্ত কৰিছে। নিৰ্দলীয়ভাৱে বিজয়ী হৈছে এজন।

ৰাজস্থানত এই পৰ্যন্ত কোনে কোনে মাৰিলে হাঁহি...
মধ্যপ্ৰদেশত বিজেপিয়ে এতিয়ালৈকে পালে কিমান আসন....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in