Rajasthan assembly election live updates :  ৫ বজালৈ ৬৮.২৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ...
Rajasthan assembly election live updates : ৫ বজালৈ ৬৮.২৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ...

Rajasthan assembly election live updates : ৫ বজালৈ ৬৮.২৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ...

৫ বজালৈ ৬৮.২৪ শতাংশ ভোটদান

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজস্থানত সন্ধিয়া ৫ বজালৈ৬৮.২৪ শতাংশ ভোটদান সম্পন্ন হৈছে। ৰাজ্যখনৰ আজমেৰত ভোটদানৰ হাৰ ৬৫.৭৫ শতাংশ, আলৱাৰত ৬৯.৭১ শতাংশ,, উদয়পুৰত ৬৪.৯৮ শতাংশ, পোখৰণত ৮১.১২ শতাংশ, হনুমানগড়ত ৭৫.৭৫ শতাংশ, ঢোলপুৰত ৭৪.১১ শতাংশ, ঝালাৱাৰত ৭৩.৩৭ শতাংশ, জয়সলমেৰত ৭৬.৫৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পৰিস্থিতি...

ভৰতপুৰৰ নগৰ বিধাসভা সমষ্টিৰ দ্বাৰকাপুৰৰ সুকেতি ভোটিং কেন্দ্ৰত ভোট গ্ৰহণৰ মাজতে সংঘটিত হয় ব্যাপক উত্তেজনাময় পৰিস্থিতি। দুই গোটৰ মাজত হোৱা সংঘাতত বহু কেইজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভোটিং কন্দ্ৰটোৰ সামগ্ৰীও সংঘৰ্ষত লিপ্ত হোৱাসকলে নষ্ট কৰা বুলি জানিব পৰা গৈছে।

বিয়াৰ মাজতে আহিল ভোট দিবলৈ 

নিৰ্বাচনৰ মাজতে বিবাহ। ভোট নিদিয়াকৈ থাকে কিদৰে ! দৰা, কইনাৰ সাজতে ভোট গ্ৰহণ কেন্দ্ৰত আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে দৰা-কইনাই।

ফতেহপুৰ শ্বেখাৱতীত দুটা গোটৰ মাজত সংঘৰ্ষ

ভোটগ্ৰহণৰ মাজতেই ফতেহপুৰ শ্বেখাৱতীত দুটা গোটৰ মাজত সংঘৰ্ষ হয়। দুই পক্ষই শিল নিক্ষেপো কৰে। পাছত আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

ভোট দিবলৈ যোৱা ২ বৃদ্ধাৰ মৃত্যু

উদয়পুৰ আৰু ঝালাৱাৰত ভোট দিবলৈ যোৱা ২ বৃদ্ধৰ মৃত্যু। দুয়ো চাইকেলেৰে ভোট দিবলৈ গৈছিল। মৃত দুজনৰ নাম ক্ৰমে- সৈতেন্দ্ৰ কুমাৰ অৰোৰা আৰু কানহেয়া লাল বুলি জানিব পৰা গৈছে।

জৈছলমেৰৰ ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি 

জৈছলমেৰৰ পোখৰাণ বিধানসভা সমষ্টিৰ ৯৯ নং বুথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ বাবে ভোটদানত কিছু অসুবিধাৰ সৃষ্টি হৈছিল। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

দিনৰ ১ বজালৈ ৪০.৩ শতাংশ ভোটদান

দিনৰ ১ বজালৈ ৪০.৩ শতাংশ ভোটদান হয়। নিৰ্বাচনী আয়োগে জনাই এই কথা। নিৰ্বাচন আৰম্ভ হোৱাৰ প্ৰায় ৪-৫ ঘন্টাত ২৫ শতাংশ লোকে ভোটদান কৰে।

ভোটদান কৰিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

ৰাজস্থানৰ কোটাত ভোটাধিকাৰ সাব্যস্ত কৰিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ভোটদানৰ পাছত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি তেওঁ কয় যে, প্ৰতিগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকৰ মতামত প্ৰকাশ কৰা উচিত। তেতিয়াহে আমাৰ গণতন্ত্ৰ শক্তিশালী হ'ব।

ৰাহুল গান্ধীয়ে নিৰ্বাচনী নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ  বিজেপিৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। ছচিয়েল মিডিয়াত এই নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে তেওঁৰ ছচিয়েল মিডিয়া একাউন্ট বন্ধ কৰি দিয়াৰ দাবী তুলিছে বিজেপিয়ে।

EVM মেচিন বিকল হোৱাৰ অভিযোগ

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ মাজতে বুন্দি, ভৰতপুৰ, দিদৱানা, কোটা আৰু জালোৰ জিলাত ই ভি এম মেচিন বিকল হোৱাৰ অভিযোগ উত্থাপন হৈছে। কিছুমান ঠাইত ভোটদান প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

পুৱা ১১ বজালৈ ২৪.৭৪ শতাংশ ভোটদান

পুৱা ১১ বজালৈ ৰাজস্থান বিধানসভা নিৰ্বাচনত ২৪.৭৪ শতাংশ ভোটদান হয়। নিৰ্বাচনী আয়োগে জনাই এই কথা।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে সাৱ্যস্ত কৰিলে ভোটাধিকাৰ

চাৰ্দাৰপুৰ সমষ্টিত ভোটদান কৰিলে মুখ্যমন্ত্ৰী অশোক গেহলোটে। তেওঁ কয় যে, ৰাজস্থানত পুনৰ কংগ্ৰেছ দখললৈ আহিব আৰু আজিৰ পৰা বিজেপি অদৃশ্যমান হ'ব।

নিৰ্বাচনৰ মাজতে ভোটকেন্দ্ৰত ৰাজনৈতিক দলৰ এজেণ্টৰ মৃত্যু

শনিবাৰে ৰাজস্থানৰ পালি জিলাত এটা ৰাজনৈতিক দলৰ এজন এজেণ্টৰ মৃত্যু হয়। শান্তি লাল নামৰ লোকজনৰ হৃদজনিত ৰোগত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে ভোট কেন্দ্ৰতে তেওঁ অজ্ঞান হৈ পৰিছিল আৰু পাছত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তাৰ পূৰ্বে তেওঁৰ মৃত্যু হয়।

ভোটদানৰ আহ্বান ৰাহুল গান্ধীৰ

পুৱা ছচিয়েল মিডিয়াত পোষ্ট কৰি ভোটৰ আহ্বান জনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ লিখে- "ৰাজস্থানে বিনামূলীয়া চিকিৎসা নিৰ্বাচন কৰিব, ৰাজস্থানে সস্তীয়া গেছ চিলিণ্ডাৰ বিচাৰিহ, ৰাজস্থানে সুদ-মুক্ত কৃষি ঋণ বাছনি কৰিব, ৰাজস্থানে ইংৰাজী শিক্ষা বাছনি কৰিব, ৰাজস্থানে অ'পিএছ (পুৰণি পেঞ্চন আঁচনি) বাছনি কৰিব, ৰাজস্থানে জাতিগত লোকপিয়ল বাছনি কৰিব।

ভোটাৰক ভোটদান কৰিবলৈ আহ্বান কংগ্ৰেছৰ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শনিবাৰে ভোটাৰসকলক ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ লগতে ৰাজস্থানৰ উন্নয়নৰ গেৰান্টি দিয়ে।

পুৱা ৯:০০ বজালৈকে ৯.৮ শতাংশ ভোটদান

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯:০০ বজালৈকে ৯.৮ শতাংশ ভোটদান হয়। ২০১৮ চনত মুঠ ৭৪.৬ শতাংশ ভোটদান হৈছিল। সন্ধিয়া ৬ বজালৈ অব্যাহত থাকিব এই ভোট দান প্ৰক্ৰিয়া।

প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিজেপি প্ৰাৰ্থী বসুন্ধৰা ৰাজেৰ ভোটদান

ভোটদান কৰিলে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝালৰাপাটন বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বসুন্ধৰা ৰাজে। তেওঁ ২০১৮ চনত ৫৪ শতাংশ ভোট লাভ কৰি তদানীন্তন কংগ্ৰেছ নেতা মানবেন্দ্ৰ সিঙক পৰাস্ত কৰিছিল।

কংগ্ৰেছ নেতা শচীন পাইলটৰ ভোটদান

কংগ্ৰেছ নেতা শচীন পাইলটে জয়পুৰৰ ভোটকেন্দ্ৰত ভোটদান কৰে। শচীন পাইলটে বিজেপিৰ অজিত সিং মেহতাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে। ২০১৮ চনত শচীন পাইলটে বিজেপিৰ ইউনুছ খানক ৫৪,১৭৯টা ভোটত পৰাজিত কৰিছিল।

ভোটদানৰ জৰিয়তে নতুন ৰেকৰ্ড গঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিৰ্বাচনৰ পূৰ্বে মোডীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে কয় যে, ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হ'ব। মই সকলো ভোটাৰক অনুৰোধ জনাও যে তেওঁলোকে সংৰ্বাধিক সংখ্যক ভোটদান কৰি নতুন ৰেকৰ্ড গঢ়ক।লগতে প্ৰথমবাৰৰ বাবে ভোট দান কৰিবলৈ যোৱা ৰাজ্যখনৰ সকলো যুৱ বন্ধুবৰ্গলৈ মোৰ শুভেচ্ছা।

৫.২৫ কোটি লোকে কৰিব ভোটদান

ৰাজস্থান বিধানসভা সমষ্টিত এইবাৰ ভোটদাতাৰ সংখ্যা ৫.২৫ কোটি। ইয়াৰে ২৭.৩ নিযুত পুৰুষ ভোটাৰ আৰু ২৫.২ নিযুত মহিলা ভোটাৰ। লক্ষণীয়ভাৱে ১৭,২৪১ গৰাকী শতবৰ্ষ গৰকা। ইয়াৰ দ্বাৰা নিৰ্ণয় হ'ব ১,৮৬২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত আছেল ১৮৩ গৰাকী মহিলা প্ৰাৰ্থী।

ৰাজস্থানত আৰম্ভ ভোটগ্ৰহণ

পুৱাৰে পৰা আৰম্ভ ৰাজস্থানৰ বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজাত অন্ত পৰিব। ১৯৯ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।  ৰাজস্থানৰ বিধানসভা ২০০ খন আসনযুক্ত যদিও শ্ৰীগংগা নগৰৰ কৰণপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গুৰমিত সিং কুনেৰৰ অকাল বিয়োগৰ বাবে সেইটো সমষ্টিত নিৰ্বাচন স্থগিত ৰাখিবলগীয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in