মেইন লাইন পুনৰ নিৰ্মাণ সম্পূৰ্ণ ! দুৰ্ঘটনাস্থলীত তীব্ৰ গতিত চলিছে নিৰ্মাণ কাৰ্য...

আকৌ আৰম্ভ হ'ব ৰে'ল চলাচলঃ দুৰ্ঘটনাস্থলীত তীব্ৰ গতিত চলিছে নিৰ্মাণ কাৰ্য...
আকৌ আৰম্ভ হ'ব ৰে'ল চলাচলঃ দুৰ্ঘটনাস্থলীত তীব্ৰ গতিত চলিছে নিৰ্মাণ কাৰ্য...

ডিজিটেল ডেস্কঃ এই মুহূৰ্তলৈকে ২৮৮ জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া বালাছোৰৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনাই সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে। বিভিন্ন ৰাষ্ট্ৰই ভাৰতৰ এই দুৰ্যোগৰ সময়ত কাষত থকাৰ কথা কৈ সমবেদনা জ্ঞাপন কৰিছে।

ইতিমধ্যে এই ৰে’ল দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান সামৰণি মাৰিছে উদ্ধাৰকাৰীসকলে। নিহতসকলৰ বহুতৰে মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা অৱস্থাত নাই।

উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰীয়ে সেয়ে এতিয়া মৃতদেহৰ ডি এন এ টেষ্ট কৰা হ’ব বুলি জনাইছে। আহতসকলৰ অধিকাংশই হাস্পতাল এৰি ঘৰলৈ উভতিছে। ১০০০ ৰো অধিক আাহতৰ ভিতৰত ৭৯০ গৰাকী যাত্ৰীয়ে এই পৰ্যন্ত হাস্পতাল এৰিছে।

এনে পৰিস্থিতিৰ মাজতেই অতি তৎপৰতাৰে ভাৰতীয় ৰে'লৱেই দুৰ্ঘটনাস্থলীৰ পৰা ৰে'লৰ দবাবোৰ আঁতৰাই ৰে'ল লাইন পুনৰ চলাচলৰ উপযোগীকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে। ভাৰতীয় ৰে'লৱেয়ে প্ৰকাশ কৰা মতে এই ৰে'লপথছোৱা পুনৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত আৰম্ভ হৈছে।

১০০০ শ্ৰমিক আৰু অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰেৰে দিনে নিশাই ৰে'ল লাইন পুনৰ নিৰ্মাণ কৰা হৈছে। ৰে'লৰ দবাবোৰ আঁতৰাবলৈ ব্যৱহাৰ কৰা হৈছে ৭ খনৰো অধিক ক্ৰেন।

আন ২ খন ৰে'লো বিভিন্ন সহায়ৰ বাবে ব্যৱহাৰ কৰা হৈছে। শীঘ্ৰেই এই পথেৰে পুনৰ চলিব ৰে'ল। উল্লেখ্য যে, ৩ খনকৈ ৰে'লৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা এই ভয়াৱহ দুৰ্ঘটনাৰ সময়ত কৰমণ্ডল এক্সপ্ৰেছ আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছত মুঠ  ২০০০ যাত্ৰী আছিল।

দুৰ্ঘটনাৰ পাছত এই পৰ্যন্ত ২৮৮ জনকৈ লোকৰ মৃত্যু হৈছে। আহতৰ সংখ্যা ১০০০ ৰো অধিক। অৱশ্যে আহতৰ মাজৰে ৭৯০ জনে ইতিমধ্যে হাস্পতাল এৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in