Advertisment

'ইউ পি এ, এন ডি এ দুয়োখন চৰকাৰেই চাকৰি সৃষ্টিত ব্যৰ্থ হৈছে'- ৰাহুল গান্ধী

দেশত পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰ আৰু এতিয়া বি জে পি নেতৃত্বাধীন এন ডি এ চৰকাৰে যুৱসমাজে সন্মুখীন হোৱা চাকৰিৰ সমস্যা সমাধান কৰিব পৰা নাই।- ৰাহুল গান্ধী

author-image
Tushar Pratim
New Update
'ইউ পি এ, এন ডি এ দুয়োখন চৰকাৰেই চাকৰি সৃষ্টিত ব্যৰ্থ হৈছে'- ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সংসদৰ অধিবেশনৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতিয়ে দিয়া অভিভাষণৰ প্ৰত্যুত্তৰত কয় যে, চাকৰিৰ বিষয়ত ভাৰতৰ যুৱসমাজক এতিয়ালৈকে কোনো স্পষ্ট উত্তৰ দিয়া নাই। দেশত পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰ আৰু এতিয়া বি জে পি নেতৃত্বাধীন এন ডি এ চৰকাৰে যুৱসমাজে সন্মুখীন হোৱা চাকৰিৰ সমস্যা সমাধান কৰিব পৰা নাই। 

Advertisment

সংসদৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিনত ৰাহুল গান্ধীয়ে কয়, ৰাষ্ট্ৰপতিৰ ভাষণ আগৰ ভাষণবোৰৰ দৰেই আছিল। দেশৰ ভৱিষ্যত যুৱ প্ৰজন্ম, পুৰুষ, মহিলাৰ হাতত নিৰ্ধাৰিত হব। গতিকে যুৱসমাজক লক্ষ্য কৰিয়েই সকলো কথা কোৱা উচিত। 

ৰাহুল গান্ধীয়ে কয় যে, দেশৰ অৰ্থনীতি আগবাঢ়িছে যদিও নিবনুৱাৰ সমস্যা এতিয়াও সমাধান হোৱা নাই। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়াপ্ৰকল্পৰ কথা উল্লেখ কৰি কয় যে, এই প্ৰকল্পৰ ধাৰণা ভাল আছিল যদিও ইয়াৰ ফলাফল সন্তোষজনক নহয়। ২০১৪ চনত জি ডি পিলৈ ১৫.৩ শতাংশ আহিছিল উৎপাদন খণ্ডৰ পৰা। এতিয়া সেই পৰিমাণ ১২.৬ শতাংশলৈ হ্ৰাস পাইছে। যাৰ ফলত উৎপাদন খণ্ডৰ অংশ ৬০ বছৰৰ ভিতৰত আটাইতকৈ কম হৈছে।  এনেদৰে চাকৰিৰ সমস্যা কেনেকৈ সমাধান কৰা হ?

তেওঁ কয়, ভাৰতে উৎপাদনৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু এই ক্ষেত্ৰত চীনক অগ্ৰাধিকাৰ দিছে। ভাৰতে উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰাহুল গান্ধীয়ে কয়, বিশ্বজুৰি এক বিপ্লৱ হৈ আছে। এই বিপ্লৱ পেট্ৰলৰ পৰা বেটাৰী, বতাহ আৰু সৌৰশক্তিৰ দিশত আগবাঢ়ি আছে। এই পৰিৱৰ্তনে যুদ্ধ,  চিকিৎসা,  শিক্ষা আদি সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলাব। 

কম্পিউটাৰ বিপ্লৱৰ কথা কৈ তেওঁ কয় যে ভাৰত চৰকাৰে ছফ্টৱেৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল আৰু সেই বিপ্লৱৰ সুবিধা লৈছিল। কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ বিষয়ত তেওঁ কয় যে ডাটা অবিহনে AI সম্পূৰ্ণৰূপে অৰ্থহীন।

তেওঁ কয় চীনত উৎপাদনৰ ডাটা থাকে, আমেৰিকাত উপভোক্তাৰ ডাটা থাকে, কিন্তু ভাৰতত গুগল, ফেচবুক, ইন্সটাগ্ৰাম আদি কোম্পানীবোৰে আমাৰ উপভোক্তাৰ ডাটা নিয়ন্ত্ৰণ কৰে। তেওঁ কয় যে যদি ভাৰতে AIৰ কথা কয়, তেন্তে প্ৰথমে কোনবোৰ ডাটাৰ ওপৰত AI চলিব এই প্ৰশ্নৰ উত্তৰ দিব লাগিব।

ৰাহুল গান্ধী বাজেট অধিবেশন