/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1c4cea68-863a-4607-b076-f8a2c19d2605/raga.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সাংসদ পদফ খাৰিজ কৰা হৈছিল মোডী সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি বিৰূপ মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি । আনহাতে, নেতা গৰাকীৰ ভাষ্য অনুসৰি এইয়া আছিল শেহতীয়াকৈ তেওঁ গৌতম আদানী সম্পৰ্কে অধিক সৰৱ হৈ পৰাৰ ফলাফল । নেতা গৰাকীয়ে গৌতম আদানী আৰু শাসনাধিষ্ঠ চৰকাৰৰ সুসম্পৰ্ক থকাৰ অভিযোগ তুলি আদানীৰ বিৰুদ্ধে এক তদন্ত আৰম্ভ কৰিবলৈ হেচা দি আহিছিল চৰকাৰক । যাৰ বাবেই ক্ষুন্ন চৰকাৰে তেওঁৰ সাংসদ পদ খাৰিজ কৰা বুলি কংগ্ৰেছে জনালে সংবাদ মাধ্যমৰ সন্মুখত ।
LIC की पूंजी, अडानी को!
SBI की पूंजी, अडानी को!
EPFO की पूंजी भी, अडानी को!
‘मोडानी’ के खुलासे के बाद भी, जनता के रिटायरमेंट का पैसा अडानी की कंपनियों में निवेश क्यों किया जा रहा है?
प्रधानमंत्री जी, न जांच, न जवाब! आख़िर इतना डर क्यों?— Rahul Gandhi (@RahulGandhi) March 27, 2023
কিন্তু এই সকলোৰে মাজত গৌতম আদানী সম্পৰ্কে পূৰ্বৰ সমানেই সৰৱ হৈ থাকিল ৰাহুল গান্ধী । বৰং টুইটাৰৰ জৰিয়তে নতুন নতুন ধৰণে আক্ৰমণ চলাই গ'ল আদানীক । এইবাৰ নেতাগৰাকীৰ তেনে এক টুইটেই পুনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দেশৰ জনতাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পূঁজিপতি আদানীৰ উপাধি একাকাৰ কৰি নাম দিলে "মোদানী" । এই মোদানী যে শ্লেষাত্মক উপাধি সেইয়া বুজিবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহ'ল ৰাইজক । কিন্তু একে সময়তেই এই উপাধিয়ে আমোদৰ খোৰাক হৈ দেখা দিলে সামাজিক মাধ্যম টুইটাৰত ।
ৰাহুল গান্ধীয়ে এক টুইটযোগে কৰিছিল এক গুৰুত্বপূৰ্ণ প্ৰশ্ন । প্ৰশ্ন অনুসৰি, "এল আই চিৰ পুঁজি আদানীত, এছ বি আইৰ পুঁজি আদানীত, ই পি এফৰ পুঁজি আদানীত । তদন্তও নাই, উত্তৰো নাই । ইমান ভয় কিহৰ ?"