/asomiyapratidin/media/media_files/2025/02/11/NpZoEJZIdAtQe7SKJ9ep.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ সন্দৰ্ভত লক্ষ্ণৌৰ আদালতে চমন কৰিছে। ২০২২ চনৰ ১৬ ডিচেম্বৰত তেওঁ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উঠিছিল।
উল্লেখ্য যে, মাৰ্চ মাহৰ শেষৰ সপ্তাহত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে লক্ষ্ণৌৰ সাংসদ বিধায়ক আদালতত হাজিৰ হ’ব লাগিব। এই বিশেষ আদালতে দেশৰ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে উত্থাপিত গোচৰ বিচাৰ কৰিব পাৰে।
ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে সীমান্ত পথ সংস্থাৰ প্ৰাক্তন সঞ্চালক উদয় শংকৰ শ্ৰীবাস্তৱে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে গোচৰটো পঞ্জীয়ন কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us