Advertisment

আমাৰ চৰকাৰে ভুল কৰিছিলঃ ১২বছৰৰ মূৰত ভুল স্বীকাৰ ৰাহুল গান্ধীৰ...

নিজ দল ক্ষমতাত থাকোতে কৰা ভুল স্বীকাৰ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ ২০১১চনত ইউ পি এ চৰকাৰে জাতিগত জনগণনা আইন প্ৰযোজ্য নকৰাটো তেওঁলোকৰ ভুল আছিল...

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ নিজ দল ক্ষমতাত থাকোতে কৰা ভুল স্বীকাৰ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ ২০১১চনত ইউ পি এ চৰকাৰে জাতিগত জনগণনা আইন প্ৰযোজ্য নকৰাটো তেওঁলোকৰ ভুল আছিল বুলি স্বীকাৰ কৰে। তেওঁ কয় যে, ইউ পি এ চৰকাৰে ১০বছত জাতি জনগণনা আইন প্ৰযোজ্য নকৰাটো ভুল আছিল। কিন্তু কংগ্ৰেছে শেহতীয়া পৰিকল্পনা গ্ৰহণ কৰিছে যে, ঝাৰখণ্ডত ইণ্ডিয়া মিত্ৰজোঁটত চৰকাৰ গঠন কৰাৰ পাছতে আৰম্ভ হব জাতিগত জনগণনা। 

Advertisment

ৰাহুল গান্ধীৰ এই ঘোষণাক নিৰ্বাচনী টোপ আখ্যা দিছে বিজেপিয়ে। বিজেপিয়ে কয় যে, ৰাহুল গান্ধীয়ে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈকে এনে ঘোষণা কৰিছে। তেওলোকে এনে বিচৰা হলে পূৰ্বতেই এনে কাম কৰিলেহেতেন। বিজেপিৰ এই বক্তব্যৰ আঁত ধৰি উভতি ধৰে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে কয়- বিজেপিয়ে কেৱল ঘৃণাৰ ৰাজনীতি কৰে। এই ৰাজনীতিৰ অৱসান ঘটাব কংগ্ৰেছে। সংৰক্ষণৰ ক্ষেত্ৰত থকা দেৱালখন ভাঙিব পাৰিব কংগ্ৰেছেহে। 

উল্লেখ্য যে, ঝাৰখণ্ড নিৰ্বাচনৰ প্ৰচাৰৰ শেষৰটো দিন সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰিছিল কংগ্ৰেছে নেতাগৰাকীয়ে। সংবাদমেলত মণিপুৰৰ প্ৰসংগ টানি আনিও বিজেপিক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয়- মণিপুৰ ডেৰ বছৰৰ ধৰি জ্বলি আছে। কিন্তু তেওঁ এবাৰো প্ৰধানমন্ত্ৰীৰ ৰাজ্যখনলৈ যাবলৈ সময় নহ'ল। মই মণিপুৰলৈ যাওতে নিজ চকুৰে দেখিছে ৰাজ্যখনৰ অৱস্থা। মণিপুৰত হিংসাৰ বিৰুদ্ধে কৰা সকলো কামলৈ আমাৰ পূৰ্ণ সমৰ্থন থাকিব। কিন্তু চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই। 

ৰাহুল গান্ধী