ৰাহুলৰ মুখত মহাত্মাৰ বাণীঃ সাংসদ পদ খাৰিজ কৰাক লৈ চৰ্চা...

ৰাহুলৰ মুখত মহাত্মাৰ বাণীঃ সাংসদ পদ খাৰিজ কৰাক লৈ চৰ্চা...

author-image
Asomiya Pratidin
New Update
ৰাহুলৰ মুখত মহাত্মাৰ বাণীঃ সাংসদ পদ খাৰিজ কৰাক লৈ চৰ্চা...

ৰাহুলৰ মুখত মহাত্মাৰ বাণীঃ সাংসদ পদ খাৰিজ কৰাক লৈ চৰ্চা...

ডিজিটেল ডেস্কঃ ২০১৯ চনৰ এক বিতৰ্কিত মন্তব্যৰ বাবে ২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। আজি গুজৰাটৰ চুৰাট জিলাৰ সত্ৰ ন্যায়াধীশে কংগ্ৰেছ সাংসদগৰাকীক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমণা বিহিছে।

Advertisment

অৱশ্যে একেখন আদালতে ৰাহুলক ১ মাহৰ জামিন প্ৰদান কৰিছে। এই গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে টুইটযোগে তেওঁৰ মতামত প্ৰকাশ কৰিছে।

ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছে- 'সত্য আৰু অহিংসা মোৰ পৰম ধৰ্ম। সত্য হৈছে মোৰ ঈশ্বৰ। কেৱল অহিংসাৰ জৰিয়তেহে সত্য উপলব্ধি কৰিব পাৰি - মহাত্মা গান্ধী।'

উল্লেখ্য যে, ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহাৰ লগে লগে তেওঁৰ সাংসদ পদক লৈ জল্পনা-কল্পনা চলিছে। কিয়নো এজন জনপ্ৰতিনিধিক দুই বা তাতোধিক বছৰৰ বাবে কাৰাদণ্ড দিলে তেওঁৰ পদ তাৎক্ষণিক ভাৱে খাৰিজ কৰা হ'ব।

কিন্তু ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহিলেও তাৎক্ষণিক ভাৱে এমাহৰ জামিন লাভ কৰাত এতিয়াই তেওঁৰ সাংসদ পদ খাৰিজ কৰা নহ'ব। ২০১৯ ত ৰাহুল গান্ধীয়ে এখন নিৰ্বাচনী সভাত সকলো চোৰৰ উপাধি কিয় মোডী বুলি প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সূচনা কৰিছিল।

তেওঁৰ এই মন্তব্য মোডী উপাধিৰ লোকসকলৰ বাবে অপমানতজনক বুলি অভিযোগ উত্থাপন কৰি চুৰাট আদালতৰ কাষ চাপিছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পূৰ্ণেন্দু মোডী। সেই গোচৰৰ ৰায়তে আজি ৰাহুল গান্ধীক এই শাস্তি প্ৰদান কৰা হৈছে।

Also Read: APPSC কেলেংকাৰীঃ ২২ স্থায়ী সদস্যসহ ৪২ জনক গ্ৰেপ্তাৰ...

ৰাহুল গান্ধী কংগ্ৰেছ