মোডীৰ দৰে ৰাহুলৰ দাড়ি প্ৰীতি কিয়? ৰনাল্ডো প্ৰিয় অথচ মেছি শ্ৰেষ্ঠ...

মোডীৰ দৰে ৰাহুলৰ দাড়ি প্ৰীতি কিয়? ৰনাল্ডো প্ৰিয় অথচ মেছি শ্ৰেষ্ঠ...
মোডীৰ দৰে ৰাহুলৰ দাড়ি প্ৰীতি কিয়? ৰনাল্ডো প্ৰিয় অথচ মেছি শ্ৰেষ্ঠ...

ডিজিটেল ডেস্কঃ ১৫০ দিনীয়া কন্যাকুমাৰীৰ পৰা জম্মু-কাশ্মীৰলৈ প্ৰায় ৪ হাজাৰ ৮০ কিলোমিটাৰৰ এক দীঘলীয়া পদ যাত্ৰাৰ নাম আছিল 'ভাৰত জোড়ো যাত্ৰা'। ৰাহুল গান্ধীৰ নেতৃত্ব উলিওৱা এই যাত্ৰাৰ আৰম্ভণিৰ পাছতে সময় বাগৰাৰ লগে লগে সাংসদগৰাকীৰ দেহত দেখা গৈছিল বহু পৰিৱৰ্তন।

বিশেষকৈ ৰাহুল গান্ধীৰ বাঢ়ি অহা দাড়িখিনিয়ে মানুহৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল। সংবাদ মাধ্যমৰ আলোচোনাৰ বিষয় হৈ পৰিছিল ৰাহুল গান্ধীৰ দাড়ি। লালু প্ৰসাদ যাদৱৰ দৰে বৰ্ষীয়ান ৰাজনৈতিক নেতায়ো কেমেৰাৰ সন্মুখতে ৰাহুলক দিছিল দাড়ি কটাৰ পৰামৰ্শ।

দাড়িৰে আৱৰি থকা মুখাৱয়বৰ সৈতেই তেওঁ ভাগ লৈছিল সংসদৰ অধিৱেশনত। ভাগ লৈছিল নিৰ্বাচনী সভাত। অৱশ্যে ইয়াৰ পিছত আমেৰিকা ভ্ৰমণৰ সময়ত সলনি হৈছিল ৰাহুলৰ চেহেৰা।

ক্লিন ছেভ মুখেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয়ত আগবঢ়াইছিল ভাষণ। আমেৰিকাৰ পৰা ঘূৰি অহাৰ পাছত আকৌ ৰাহুলৰ মুখত লাহে লাহে বাঢ়ি আহিছিল সেই দাড়িখিনি। যাৰ বাবে বহুতৰ মনত সৃষ্টি হৈছিল প্ৰশ্ন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৰেই দাড়ি প্ৰীতি আছেনেকি ৰাহুলৰ? পৰিস্থিতি অনুসৰি মানুহৰ মন জয় কৰিবলৈ ৰাহুলে এইদৰে বৃদ্ধি কৰে নেকি দাড়ি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ত কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ দৰে দীঘল কৰি লৈছিল তেওঁৰ দাড়িখিন।

নিৰ্বাচন অন্ত পৰাৰ পাছতে তেওঁ অৱশ্যে সেই দাড়ি কাটি পুনৰ আগৰ ৰূপ ধাৰণ কৰিছিল। নৰেন্দ্ৰ মোডীৰ দৰেই ৰাহুলেও পৰিস্থিতি সপক্ষে দাড়ি দীঘল কৰে নেকি? এই ধৰণৰ প্ৰশ্ন মানুহৰ মনত আছিল।

অৱশ্যে এই প্ৰশ্নৰ উত্তৰ দিলে ৰাহুল গান্ধীয়ে। 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে দিল্লীৰ অশোক হোটেলত অনুষ্ঠিত কৰা কনক্লেভ-২০২৩ ৰ দ্বিতীয় দিনটোত প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাৰে হোৱা সাক্ষাৎকাৰৰ শেষৰ ফালে হোৱা ৰেপিড ফায়াৰ ৰাউণ্ডত ৰাহুল গান্ধীক কৰা হৈছিল দাড়ি ৰখা আৰু নৰখাৰ সন্দৰ্ভত প্ৰশ্ন।

এই প্ৰশ্নৰ উত্তৰ পোনপটিয়াকৈ দিয়াৰ উপৰিও ব্যাখ্যা কৰিলে ৰাহুল গান্ধীয়ে। তেওঁ কয়, কংগ্ৰেছ কৰ্মীসকলে মই দাড়ি ৰখা নৰখাটোক লৈ বহু চিন্তা কৰে। মই দাড়ি থকা নথকাক লৈ ইমান চিন্তা কৰি নাথাকো। মোক যিকোনো কাপোৰ দিয়ক, খাদ্য দিয়ক তাৰেই চলি যাব। এইবোৰক লৈ মোৰ বহুত বেছি আসক্তি নাই।

ইয়াৰোপৰি আন এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, কংগ্ৰেছৰ ট্ৰেড মাৰ্ক কুৰ্টা পাইজামাৰ পৰিৱৰ্তে তেওঁ টি-ছাৰ্টহে পচন্দ কৰে। মন কৰিলে দেখা যায় ৰাজনীতিলৈ আগমণৰ সময়ত ৰাহুল গান্ধীক প্ৰায়ে বগা কুৰ্টা পাইজামাত দেখা গৈছিল।

কিন্তু এতিয়া তেওঁ সেই কুৰ্টা পাইজামাৰ পৰিৱৰ্তে টি-ছাৰ্ট পৰিধান কৰাহে দেখা যায়। এই শিতানত আছিল আন কেইবাটাও আকৰ্ষণীয় প্ৰশ্ন। সেই অনুসৰি ৰাহুল গান্ধীয়ে আজৰি সময়ত নেটফিলক্স চাই সময় পাৰ কৰাৰ পৰিৱৰ্তে জিমলৈ গৈ শৰীৰ চৰ্চা কৰি ভাল পায়।

সৌন্দৰ্যৰ উপাসক নহয় ৰাহুল গান্ধী। তেওঁৰ বাবে হ’ব লাগিব মস্তিষ্কৰ সৈতে ধুনীয়া। ক্ৰিকেটৰ পৰিৱৰ্তে ফুটবল ভাল পায় সাংসদগৰাকীয়ে। তেওঁৰ প্ৰিয় ফুটবলাৰ ৰনাল্ডো। অৱশ্যে তেওঁৰ মতে মেছি ৰনাল্ডোতকৈ শ্ৰেষ্ঠ। ক্ৰিকেট তেওঁ ভাল নাপায়।

ৰাজনৈতিক নেতা নোহোৱা হলে কি হ'ল হয় ৰাহুল গান্ধী? এই প্ৰশ্নৰ উত্তৰ অতি কৌশলগত আছিল ৰাহুলৰ। তেওঁ মতে ৰাজনীতিবিদ তেওঁৰ এটা ‘ফ্ৰেম’। কিন্তু যেতিয়া তেওঁ ভগ্নি অথবা বন্ধু, ভাগিনৰ সৈতে কথা পাতে তেতিয়া তেওঁ শিক্ষক। যেতিয়া তেওঁ ৰান্ধনী ঘৰত থাকে তেতিয়া তেওঁ ৰান্ধনী। তেওঁ জীৱনক এটা যাত্ৰা পথ হিচাপে চাই। আৰু এই যাত্ৰা পথত সকলো শিকি গৈছে।

এই শিতানত আন এক আকৰ্ষণীয় প্ৰশ্ন আছিল। দেশৰ ৰাজনীতি গৰম কৰি থকা ইণ্ডিয়া বনাম ভাৰত বিষয়টোত পোনপটিয়া উত্তৰ দিছিল ৰাহুল গান্ধীয়ে। তেওঁৰ মতে- India that is Bharat.

মোডীৰ দৰে ৰাহুলৰ দাড়ি প্ৰীতি কিয়? ৰনাল্ডো প্ৰিয় অথচ মেছি শ্ৰেষ্ঠ...
বৰক্ষেত্ৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in