Advertisment

ৰাষ্ট্ৰীয় শোকৰ সময়ত ৰাহুল গান্ধীৰ ভিয়েটনাম ভ্ৰমণক BJP ৰ চোকা সমালোচনা

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক। এই ৰাষ্ট্ৰীয় শোকৰ মাজতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'প্ৰাইভেটলী' ভিয়েটনাম যোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় শোকৰ সময়ত ৰাহুল গান্ধীৰ ভিয়েটনাম ভ্ৰমণক BJP ৰ চোকা সমালোচনা

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক। এই ৰাষ্ট্ৰীয় শোকৰ মাজতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'প্ৰাইভেটলী' ভিয়েটনাম যোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপিয়ে। 

Advertisment

উল্লেখ্য যে, ২৬ ডিচেম্বৰৰ নিশা দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰিছিল ড০ মনমোহন সিঙে। তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ২৬ ডিচেম্বৰৰ নিশাৰে পৰা ১ জানুৱাৰীলৈ ঘোষণা কৰিছিল ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক।

২৭ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশাল কাৰ্যসূচীও এই ৰাষ্ট্ৰীয় শোকৰ বাবেই বাতিল কৰা হৈছিল। ২৭ ডিচেম্বৰৰ দিনক ১২-৩০ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে Swamitva scheme ৰ অধীনত ৰাষ্ট্ৰজুৰি ৫০ লাখ নাগৰিকক সম্পত্তি কাৰ্ড বিতৰণ কৰাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছিল।

দেশৰ বিভিন্ন স্থানত কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত কোটি কোটি নাগৰিকে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি, তেওঁৰ আত্মাৰ সন্মানাৰ্থে এই অনুষ্ঠান বাতিল কৰা হয়।

তাৰোপৰি ২৯ ডিচেম্বৰত দিল্লীত নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে নৰেন্দ্ৰ মোডীৰ এক ৰোড শ্বৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল বিজেপিয়ে। এই কাৰ্যসূচীও বাতিল কৰা হৈছে।

ৰাষ্ট্ৰীয় শোকৰ এই ৭ দিনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আন বহু কাৰ্যসূচী বাতিল কৰিছে। তাৰোপৰি কংগ্ৰেছ দলেও প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বাতিল কৰিছে।

তেনে সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ব্যক্তিগত কাৰণত ভিয়েটনাম ভ্ৰমণ কৰাক কেন্দ্ৰ কৰি বিজেপিয়ে তেওঁক কঠোৰ সমালোচনা কৰিছে। বিজেপিয়ে ৰাহুল গান্ধীয়ে শোকৰ সময়তো নতুন বছৰৰ আনন্দ উপভোগ কৰিবলৈ ভিয়েটনাম ভ্ৰমণ কৰা বুলি দাবী কৰিছে। 

বিজেপিৰ মুখপাত্ৰ ছেহজাদ পুনাৱালাই ৰাহুলক সমালোচনা কৰি কয়, গান্ধীয়ে এল অৰ অৰ্থ লিডাৰ অফ অপজিছনৰ পৰা লিডাৰ অফ পৰ্যটনলৈ সলনি কৰিবলৈ কটাক্ষ কৰিছে। তেওঁ প্ৰয়াত প্ৰাধানমন্ত্ৰী ৰাহুল গান্ধীয়ে মনমোহন সিঙক অপমান কৰা বুলিও দাবী কৰিছে।

অৱশ্যে একাংশ কংগ্ৰেছ নেতাই গান্ধীয়ে প্ৰাইভেটলীভিয়েটনাম ভ্ৰমণ কৰা বিজেপিৰ অসুবিধা কত বুলি প্ৰশ্ন কৰি উভতি ধৰিছে। তেওঁলোকে এয়া বিজেপিৰ আম্বেদকাৰ সন্দৰ্ভত চলি থকা বিতৰ্কক অন্য দিশে নিয়াৰ এক কৌশল বুলিহে দাবী কৰিছে।

 

বিজেপি ৰাহুল গান্ধী ড০ মনমোহন সিং