/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6a47a384-d60d-43fd-8a59-8d49f95bf3e8/Rahul_Gandhi.jpg)
বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...
ডিজিটেল ডেস্কঃ বিজেপিয়ে ৰাহুল গান্ধীক লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাৰ বাবে "সস্তীয়া কৌশল"ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । ইয়াৰ প্ৰতিবাদতে ১২ জুলাইচ প্ৰতিখন ৰাজ্যত ৰাজধানীত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত 'মৌন সত্যাগ্ৰহ' কাৰ্যসূচী গ্ৰহণ কৰিব। কংগ্ৰেছ কৰ্মীসকলে মৌন হৈ এই সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিব।
কংগ্ৰেছৰ মহাসচিব বেনুগোপালে কয় যে, নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ সবাতোকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী ৰাহুল গান্ধী। তেওঁ লগতে কয় কয়, ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পাছত লোকসভাত ৰাহুল গান্ধীয়ে ঐতিহাসিক ভাষণ দিছিল। য'ত মোডী আৰু আদানী গোটৰ মাজত থকা সম্পৰ্কৰ কথা কৈছিল।তাৰ বাবেই বিজেপিয়ে গান্ধীক লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা কৰিবলৈ লেতেৰা পৰিকল্পনা কৰে।
উল্লেখ্য যে, মোডী উপাধিক লৈ ৰাহুল গান্ধীয়ে বিতৰ্কিত মন্তব্য কৰিছিল। যাৰ বাবে তেওঁক ২ বছৰৰ কাৰদণ্ড আৰু সাংসদ পদ কৰ্তন কৰা হৈছিল। শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তিত স্থগিতাদেশ বিচাৰি কৰা আবেদন খাৰিজ কৰে। পৰৱৰ্তী সময়ত কংগ্ৰেছে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি কয়।
Also Read: চতিয়াৰ বিধ্বস্ত পথ সোণৰ কণী পৰা হাঁহলৈ পৰিণতঃ কাম নকৰাকৈ লুটিছে লাখ লাখ টকা...