modi, rahul
modi, rahul

টিভিত ২৪ ঘন্টা কেৱল মোডীক দেখুওৱা হয়, দেশৰ সমস্যাৰ বিষয়ে চৰ্চা নহয়ঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাছিকত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে। গান্ধীয়ে কয় যে, আজিৰ দেশত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হল কৃষক, নিবনুৱা, মূল্যবৃদ্ধি, অগ্নিবীৰ আদি। কিন্তু টিভি চেনেলসমূহত এই সমূহ বিষয়ৰ ওপৰত চৰ্চা নহয়।

তেওঁ লগতে কয়, আজিকালি টিভি চেনেলত ২৪ ঘন্টা কেৱল মোডীকে দেখুৱাই থাকে। কেতিয়াবা তেওঁ পানীৰ তলত যায়, কেতিয়াবা তেওঁৰ বিমান ভ্ৰমণ। এই সকলো সময়ত টিভিৰ কেমেৰা তেওঁৰ লগে লগে যায়।

গান্ধীয়ে কয় যে, পিয়াজৰ মূল্য বিষয়টো মহাৰাষ্ট্ৰৰ ডাঙৰ সমস্যা। কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত ইয়াৰ বিষয়ে কোনো চৰ্চা নহয়।

তেওঁ কয়, মই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৪০০০ কিলোমিটাৰ আৰু মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ ৬০০০ কিলোমিটাৰ যাত্ৰা কৰিছো। এই সময়চোৱাত মই লাখ লাখ জনতাক লগ পাইছো। মানুহৰ বহু সমস্যা আছে কিন্তু সেই সমূহৰ বিষয়ে এতিয়া টিভিত চৰ্চা নহয়।

modi, rahul
অপৰাধ সম্বন্ধীয় ৩ খন নতুন আইন কাৰ্যকৰী কৰিবলৈ মোডী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ অমিত শ্বাহ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in