/asomiyapratidin/media/media_files/2025/06/06/nBTYdKggqpz8f9oFFuma.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰই বৃহৎ অগ্ৰগতি লাভ কৰিছে। প্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্মাণ হ’বলৈ আগবাঢ়িছে ৰাফেল যুদ্ধ বিমান। ফ্ৰান্সত নিৰ্মিত হোৱা এই শক্তিশালী যুদ্ধ বিমানখন প্ৰথমবাৰৰ বাবে ফ্ৰান্সৰ বাহিৰত তথা ভাৰতত নিৰ্মাণ কৰিবলৈ প্ৰস্তুত হৈছে।
ফ্ৰান্সৰ যুদ্ধ বিমান নিৰ্মাতা প্ৰতিষ্ঠান দাসল্ট এভিয়েছন আৰু টাটা এডভান্সড চিষ্টেমছ লিমিটেডে (TASL) যৌথভাৱে ভাৰতত নিৰ্মাণ কৰিব ৰাফেল। দুয়োটা প্ৰতিষ্ঠানে যৌথভাৱে এই কথা ঘোষণা কৰিছে।
প্ৰতিষ্ঠান দুটাই কয় যে, ভাৰতত ৰাফেল নিৰ্মাণৰ বাবে হায়দৰাবাদত এখন উন্নত মানৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব। ইয়াত ৰাফেল যুদ্ধ বিমানৰ মুখ্য অংশসমূহ নিৰ্মাণ কৰা হ’ব। এই পৰিকল্পনাই মেক ইন ইণ্ডিয়াক এক নতুন অগ্ৰগতি প্ৰদান কৰিব। ভাৰতত নিৰ্মাণ হবলগীয়া এই ৰাফেল যুদ্ধ বিমান ২০২৮ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যোগান ধৰাৰ কাৰ্য আৰম্ভ হ’ব।
উল্লেখ্য যে, ইতিমধ্যে ফ্ৰান্সৰ এই যুদ্ধ বিমান নিৰ্মাণ প্ৰতিষ্ঠানলৈ ভাৰতে কেই সপ্তাহমানৰ পূৰ্বে ৬৩ হাজাৰ কোটিৰ ২৬ খন ৰাফেল মাৰিন যুদ্ধ বিমানৰ অৰ্ডাৰ দিছিল। জানিব পৰা মতে এতিয়া যিহেতু এই প্ৰতিষ্ঠানে ভাৰততেই ৰাফেল যুদ্ধ বিমান নিৰ্মাণ কৰিব সেয়ে এই ২৬ খন ৰাফেল মাৰিন যুদ্ধ বিমানৰ অংশ ভাৰততেই নিৰ্মাণ কৰিব।
দুয়োটা প্ৰতিষ্ঠানৰ মাজৰ চুক্তি অনুসৰি টাটা এডভান্সড চিষ্টেম লিমিটেডে হায়দৰাবাদত যি উৎপাদন কেন্দ্ৰ স্থাপন কৰিব তাত ৰাফেলৰ বিভিন্ন অংশ যেনে ৰিয়াৰ ফিউজেলাজৰ দুভাগীয় কভাৰ, সম্পূৰ্ণ পৃষ্ঠভাগৰ পিছফালে থকা অংশ, কেন্দ্ৰীয় অংশ আৰু সন্মুখন অংশ ইয়াত নিৰ্মাণ কৰিব। প্ৰতি মাহে দুটাকৈ সম্পূৰ্ণ ফিউজেলাজ উৎপাদনৰ লক্ষ্যৰে ইয়াত কাম আৰম্ভ কৰা হ’ব।
তাৰোপৰি চুক্তি অনুসৰি ফিউজেলাজ উৎপাদনৰ লগতে ইঞ্জিন, ছেন্সৰ আৰু অস্ত্ৰসমূহৰ মেইটেনেন্স, মেৰামতি আৰু পুনঃনবীকৰণৰ ব্যৱস্থাও কৰিব। এই সন্দৰ্ভত ফ্ৰান্,ৰ দাসল্ট এভিয়েছেনৰ অধ্যক্ষ এৰিক ট্ৰাপিয়েৰে কয়, “ফ্ৰান্সৰ বাহিৰত প্ৰথমবাৰৰ বাবে ৰাফেলৰ ফিউজেলাজ উৎপাদন হ’ব। এয়া এক ঐতিহাসিক পদক্ষেপ। ভাৰতত আমাৰ যোগান শৃংখলা দৃঢ় হ’ব আৰু TASL-ৰ সহযোগিতাত গুণগতমান ৰক্ষা কৰি ৰাফেলৰ উৎপাদন চলি থাকিব।”
TASL-ৰ CEO সুখৰণ সিঙে এই সন্দৰ্ভত কয়, “ ৰাফেলৰ সম্পূৰ্ণ ফিউজেলাজ উৎপাদনৰ বাবে TASL-ৰ ওপৰত দাসল্টৰ বিশ্বাস দৃঢ় হৈছে। ভাৰতৰ আধুনিক আৰু শক্তিশালী এয়াৰস্পেচ ইক’চিস্টেম গঢ়ি তোলাত ই এক গুৰুত্বপূৰ্ণ পৰ্যায়।”
এই সন্দৰ্ভত ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন উপমাৰ্শাল অনিল গোলানীয়ে কয়, “এই সুযোগৰ দ্বাৰা কেৱল ৰাফেলৰ ফিউজেলাজ নহয়, সম্পূৰ্ণ যুদ্ধবিমানো ভাৰতত নিৰ্মাণৰ পথ মুকলি হ’ব।”
উল্লেখ্য যে, টাটা গ্ৰুপৰ বিমান খণ্ডত অগ্ৰগতি দিনে দিনে বৃদ্ধি পাইছে। টাটা আৰু এয়াৰবাচেৰে একেলগে ভাৰতীয় বায়ু সেনাৰ বাবে ৫৬ খন C-295 বিমান প্ৰকল্পৰো কাম কৰি আছে। আনহাতে, লকহিড মাৰ্টিনৰ সৈতে যৌথভাৱে ৮০খন মিডিয়াম ট্ৰান্সপ’ৰ্ট বিমান নিৰ্মাণৰো প্ৰস্তাৱ কৰা হৈছে।