/asomiyapratidin/media/media_files/2025/01/20/mmqfD9p0z4W31E7Akx0I.jpg)
ডিজিটেল ডেস্কঃ মহামান্য ন্যায়াধীশে এটা জঘন্য অপৰাধীৰ শাস্তি ঘোষণা কৰিবলৈ সাজু হৈছে। ন্যায়ালয়ৰ মজিয়াত উৎকণ্ঠাৰে অপেক্ষা কৰিছে অধিবক্তা, নৃশংসতাৰ বলি হৈ মৃত্যু হোৱা ভুক্তভোগীৰ আত্মীয় আৰু অন্যান্য ব্যক্তিসকল। ১৬৪ টা দিনত নিজকে ৰক্ষা কৰিবলৈ সকলো প্ৰচেষ্টা কৰা জঘন্য অপৰাধীও তেতিয়া অপেক্ষাৰত ন্যায়াধীশৰ শাস্তিৰ ঘোষণা শুনিবলৈ।
দেশবাসীও উকণ্ঠিত শাস্তিৰ ঘোষণাৰ বাবে। স্বাভাৱিকতেই এই জঘন্য অপৰাধৰ বাবে অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিব বুলিয়েই আশা কৰিছিল সকলোৱে।
এই অপৰাধ ইমান ভয়ংকৰ আছিল যে তাৰ বৰ্ণনাও কৰিব নোৱাৰি। স্বাভাৱিকভাৱেই এনে জঘন্য অপৰাধীৰ মানৱ সমাজৰ বাবেই ভাবুকি স্বৰূপ হিচাপে গণ্য কৰিছে সকলোৱে।
কিন্তু ন্যায়ধীশ অনিবাৰ্ণ দাসৰ মুখৰ পৰা অপৰাধীৰ পৰম আকাংক্ষিত মৃত্যুদণ্ডৰ শাস্তি শুনিবলৈ নাপালে অপেক্ষাৰত মানুহখিনিয়ে। মহামান্য আদালতে মানুহৰ ৰূপ ধাৰণ কৰি থকা জঘন্য অপৰাধী সঞ্জয় দাসক দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি।
এই শাস্তি শুনাৰ লগে লগেই আকৌ এবাৰ কান্দোনত ভাঙি পৰিলে ভুক্তভোগী তিলোত্তমাৰ পিতৃ-মাতৃ আৰু ন্যায়কামী জনতা। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰাৰ সময়ত শিয়ালদহ আদালতৰ ন্যায়াধীশ অনিবাৰ্ণ দাসক হাত জোৰ কৰি ধন্যবাদ দিছিল ভুক্তভোগীৰ পিতৃয়ে।
তেওঁ আশা কৰিছিল জীয়ৰীয়ে ন্যায় লাভ কৰিব। দোষী সঞ্জয় ৰয়ে মৃত্যুদণ্ড লাভ কৰিব। দেশবাসীৰো আছিল সেয়াই আশা।
কিন্তু সোমবাৰে যেন সকলো খেলিমেলি হৈ পৰিল। আদালতে সঞ্জয়ক মৃত্যুদণ্ডৰ পৰিবৰ্তে দিলে যাৱজ্জীৱন কাৰাদণ্ড। তাৰোপৰি ক্ষতিপূৰণ হিচাপে ৰাজ্য চৰকাৰক পৰিয়ালটোক ১৭ লাখ টকা আদায় দিবলৈয়ো নিৰ্দেশ প্ৰদান কৰিলে।
এই ৰায়ে ন্যায় প্ৰদান নকৰিলে তিলোত্তমাক। তেওঁৰ পিতৃ-মাতৃ, ন্যায়কামী জনতা আনকি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও অসন্তুষ্ট ন্যায়ালয়ৰ ৰায়ত।
অসন্তুষ্ট পিতৃ-মাতৃয়ে আকৌ এবাৰ কান্দি কান্দি ন্যায়ালয়ক প্ৰশ্ন কৰিলে "মই আৰ্থিক সাহায্যৰে কি কৰিম? আমাক টকাৰ প্ৰয়োজন নাই। আমি আমাৰ ছোৱালীৰ মৃত্যুৰ বাবে ন্যায় বিচাৰো।‘’
‘তিলোত্তমা’ৰ পিতৃৰ এনে কৰুণ বিননিত ন্যায়াধীশ অনিবাৰ্ণ দাসে কয়, "আপুনি আৰ্থিক সহায়েৰে কি কৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। নাভাবিব এই ক্ষতিপূৰণ মৃত্যু বা হেৰুওৱাৰ বাবে পৰিশোধ কৰিছো। আপোনাক আৰ্থিকভাৱে সহায় কৰাটো ৰাজ্যৰ কৰ্তব্য।‘’
ন্যায়াধীশৰ এই উত্তৰ গ্ৰহণ কৰিব নোৱাৰিলে দুৰ্ভগীয়া মানুহজনে।ধৰ্ষণৰ পাছত জঘন্যভাৱে জীয়ৰীৰ হত্যাৰ বিনিময়ত ১৭ লাখ টকা কিদৰে লয় দুৰ্ভগীয়া মানুহজনে?
তেওঁ আকৌ চি বি আইৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিলে। তেওঁ স্পষ্টকৈ কলে, "সঞ্জয়ক সঠিকভাৱে জেৰা কৰা হৈছিল নে নাই সেয়াও সন্দেহজনক। চি বি আইয়ে বিৰল প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে।‘’
চি বি আইৰ ভূমিকাৰ ওপৰত প্ৰথমৰে পৰা প্ৰশ্ন উত্থাপন হৈ আহিছিল। বাৰে বাৰে ভুক্তভোগী যুৱতী চিকিৎসকগৰাকীৰ পিতৃ, মাতৃ আৰু বংগ চৰকাৰেও প্ৰশ্ন উত্থাপন কৰি আহিছিল। আজিও ন্যায়ালয়ত শাস্তি ঘোষণাৰ সময়ত সেই একেই প্ৰশ্ন কৰিলে। কিন্তু তাৰ উত্তৰ একো নাপালে।
যোৱা ৮ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত নিশাৰ শ্বিফ্টত ডিউটি কৰাৰ সময়ত ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল এগৰাকী যুৱতী চিকিৎসক। দেশ কপাই যোৱা এই ঘটনাৰ পাছতে যুৱতীগৰাকীক আখ্যা দিয়া হৈছিল তিলোত্তমা হিচাপে।
তিলোত্তমাৰ ন্যায়ৰ দাবীৰে এতিয়াও প্ৰতিবাদ অব্যাহত আছে। আজি ন্যায়ালয়ে শাস্তি ঘোষণাৰ পাছতো অসন্তুষ্ট জনতাই ন্যায়ালয়ৰ চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰিলে। জঘন্য অপৰাধ কৰিও কাৰাগাৰত বতাহ, পানী খাই জীয়াই থাকিব হত্যাকাৰী।
হয়তো যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত একাংশ পৰৱৰ্তী সময়ত ওলাই অহাৰ দৰেই সঞ্জয় ৰয়ো এদিন ওলাই আহিব। এই ৰায়ে দেশত নজিৰ সৃষ্টি কৰিব নোৱাৰিলে। পুনৰ এবাৰ ন্যায় ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
নাৰী জনিত অপৰাধ, সঘনে ধৰ্ষণ আদি সংঘটিত হোৱাৰ ক্ষেত্ৰত আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাৰ ৰায়ে এক নজিৰ সৃষ্টি কৰাৰ সুযোগ আছিল যদিও তেনে শাস্তিৰ বিধান নিদিয়াত জঘন্য অপৰাধ সংঘটিত কৰিবলৈ অপৰাধীয়ে চিন্তা নকৰিব বুলিও চৰ্চা হৈছে।