কলকাতা কাণ্ডত জড়িত হৈছে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ নামঃ ৩ দিন ধৰি চলিছে জেৰা...

দেওবাৰে নিশা ৯ বজা পৰ্যন্ত ডাঃ সন্দীপ ঘোষ আছে চি বি আইৰ তদন্তকাৰী দলৰ সন্মুখত
কলকাতা কাণ্ডত জড়িত হৈছে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ নামঃ ৩ দিন ধৰি চলিছে জেৰা...
Published on
Updated on

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা স্নাতকোত্তৰত অধ্যয়নৰত চিকিৎসক ছাত্ৰীৰ যৌন নিৰ্যাতন আৰু হত্যাৰ গোচৰত অভিযুক্ত হৈছে মেডিকেল কলেজ হাস্পতালখনৰ সদ্য প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষ। ৯ আগষ্টত কলকাতাৰ এই হাস্পতালখনত সংঘটিত হোৱা জঘণ্য ঘটনাক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ মাজতে কলকাতা উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ঘটনাৰ তদন্তৰ দায়িত্ব লাভ কৰিছিল চি বি আইয়ে।

ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে দায়িত্ব গ্ৰহণ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও কোনো লোককে আটক অথবা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ মাজতেই তদন্তকাৰী সংস্থাটোৱে আৰ জি কৰ মেডিকেল হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক ধাৰাবাহিকভাৱে জেৰা চলাইছে।

দেওবাৰেও পুৱা ১১ বজাৰ পৰা চিজিঅ’ কমপ্লেক্সত ডা সন্দীপ ঘোষক জেৰা কৰে তদন্তকাৰী সংস্থাটোৱে। নিশা ৮ বজালৈকে তেওঁক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰৰ পৰা সন্দীপ ঘোষক চি বি আইয়ে চলাইছে জেৰা

চি বি আইৰ তদন্তকাৰী এটা দলে শুকুৰবাৰে পুৱা নিজ বাসগৃহৰ কাষৰ পৰাই সন্দীপ ঘোষক তেওঁলোকৰ এখন বাহনত চিজিঅ’ কম্প্লেক্সলৈ উঠাই নিছিল। সেইদিনা প্ৰায় ১০ ঘণ্টা তদন্তকাৰী দলটোৱে তেওঁক সোধপোছ কৰি যাবলৈ দিয়া হৈছিল।

শনিবাৰে হাতত কেইবাটাও ফাইল লৈ চি বি আইৰ কাৰ্যালয়ত হাজিৰ হৈছিল সন্দীপ ঘোষ। সেইদিনা তেওঁক প্ৰায় ১৩ ঘণ্টা ধৰি তদন্তকাৰী দলটোৱে সোধপোছ কৰিছিল। একেদিনাই তদন্তকাৰী দলটোৱে ঘটনা সন্দৰ্ভত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ বুকুৰোগ বিভাগৰ মুৰব্বী অৰুণাভা দত্তকো সোধপোছ কৰিছে।

দেওবাৰে পুৱা ১১ বজাত পুনৰ সন্দীপ ঘোষক চি বি আইৰ কাৰ্যালয়ত হাজিৰ হয়। দেওবাৰেও তেওঁৰ হাতত আছিল বিভিন্ন নঠি পত্ৰ। পুৱা ১১ বজাত তেওঁক তদন্তকাৰী দলৰ ওচৰত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ প্ৰায় আধাঘণ্টা পূৰ্বেই আহি তদন্তকাৰী দলৰ কাষত উপস্থিত হয়।

'অনুগ্ৰহ কৰি মোক গ্ৰেপ্তাৰৰ প্ৰচাৰ নকৰিব'- ডাঃ সন্দীপ ঘোষ

শনিবাৰে নিশা তদন্তকাৰী দলটোৰ কাষৰ পৰা স্বগৃহলৈ উভতাৰ সময়ত চিজিঅ’ কম্প্লেক্সতে সাংবাদিকে ডাঃ সন্দীপ ঘোষক বিভিন্ন বিষয়ত প্ৰশ্ন কৰিছিল। তেওঁক চি বি আইয়ে কি প্ৰশ্ন কৰিছে, তেওঁ এই ঘটনাৰ সৈতে কিদৰে জড়িত আদি অনেক প্ৰশ্ন কৰিছিল যদিও তেওঁ ইয়াৰো কোনো উত্তৰ নিদিলে।

অৱশ্যে ডাঃ ঘোষে তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰা বুলি জানিবলৈ দিছে। সাংবাদিকৰ বিভিন্ন প্ৰশ্নক আওকান কৰি ঘোষে কয়- ‘’মই তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰিছোঁ। দয়া কৰি মোক গ্ৰেপ্তাৰ কৰা বুলি অপ্ৰচাৰ নকৰিব।‘’

জঘণ্য হত্যাকাণ্ডৰ পাছতো সন্দীপ ঘোষে পাইছিল পূৰস্কাৰ !

৯ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা ঘটনাৰ পাছতে সমগ্ৰ বংগৰ লগতে দেশজুৰি তীব্ৰ আলোড়ণৰ সৃষ্টি হয়। ন্যায়ৰ দাবীৰে প্ৰতিবাদ আৰম্ভ হয়। এই প্ৰতিবাদৰ মাজতে সন্দীপ ঘোষৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপনো হয়।

অতি প্ৰভাৱশালী এইগৰাকী সন্দীপ ঘোষক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰো দাবী উত্থাপন হয়। বিভিন্ন দিশৰ পৰা তেওঁৰ নিলম্বনৰ হেঁচা পৰাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হস্তক্ষেপত তেওঁক হাস্পতালখনৰ অধ্যক্ষৰ পৰা পদত্যাগ কৰিবলৈ দিয়া হয়। সেই মতেই তেওঁ পদত্যাগ কৰে যদিও ইয়াৰ পুৰস্কাৰো লাভ কৰিলে।

পদত্যাগৰ কেইটমান ঘণ্টাৰ পাছতেই তেওঁক পূৰ্বতকৈ অধিক গধূৰ দায়িত্ব প্ৰদান কৰিলে মমতা বেনাৰ্জীয়ে। এইবাৰ তেওঁক দায়িত্ব দিলে কলকাতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ। অৱশ্য কলকাতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল।

কলকাতা উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত আগবাঢ়িছে তদন্ত

বংগ চৰকাৰে ডাঃ সন্দীপ ঘোষক এইদৰে নতুন দায়িত্ব দিয়াৰ বিষয়টোক সহজভাৱে নল’লে কলকাতা উচ্চ ন্যায়ালয়েও। অতি প্ৰভাৱশালী এইগৰাকী ব্যক্তিয়ে তদন্ত প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হয়। এনে পৰিস্থিতিত কলাকাতা উচ্চ ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি গোটেই তদন্ত প্ৰক্ৰিয়া চি বি আইৰ হাতলৈ হস্তক্ষেপৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ সন্দীপ ঘোষক অনিৰ্দিষ্টকাললৈ ছুটিত যাবলৈ বাধ্য কৰে।

অৱশ্যে সন্দীপ ঘোষৰ জীৱন আৰু সম্পত্তিলৈ অহা ভাবুকিৰ প্ৰতি দৃষ্টি ৰাখি ন্যায়ালয়ে তেওঁৰ সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিছে। ন্যায়ালয়ৰ নিৰ্দেশতেই সন্দীপ ঘোষৰ লগতে  তেওঁৰ বাসগৃহৰো নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

চি বি আইৰ কোন বোৰ প্ৰশ্নৰ সন্মুখীন হৈছে ডাঃ ঘোষ

শুকুৰবাৰে ১০ ঘণ্টা, শনিবাৰে ১৩ ঘণ্টা সোধপোছ কৰাৰ পাছত দেওবাৰ ৯ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো চি বি আইৰ তদন্তকাৰী দলৰ সোধপোছৰ সন্মুখীন হৈছে ডাঃ সন্দীপ ঘোষ। এই সময়ছোৱাত তেওঁক চি বি আইয়ে কি কি প্ৰশ্ন কৰিছে সেই বিষয়ে সবিশেষ স্পষ্টকৈ পোহৰলৈ অহা নাই যদিও বহুবোৰ বিষয় তদন্তৰ আওঁতালৈ অহা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইৰ হাতলৈ যোৱাৰ পাছৰে পৰা ডাঃ সন্দীপ ঘোষৰ ওপৰত নজৰ ৰাখিছিল তদন্তকাৰী দলে। এই সময়ত তেওঁ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষৰ দায়িত্বত নাই যদিও, ঘটনা সংঘটিত হোৱাৰ সময়ত যিহেতু তেওঁ মেডিকেল কলেজ হাস্পতালখনৰ অধ্যক্ষৰ দায়িত্বত আছিল গতিকে তেওঁ সেই সময়ত এগৰাকী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল নে নাই, তেওঁৰ ভূমিকা কি আছিল, কি পদক্ষেপ গ্ৰহণ কৰিছিল এইবোৰ বিষয়েও সবিশেষ তথ্য তদন্তকাৰী দলে গ্ৰহণ কৰিছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, এই নৃশংস যৌন নিৰ্যাতন আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ কেইটামান ঘণ্টাৰ পাছতে ঘটনাস্থলী ভাঙি পেলোৱা হৈছিল। এই বিষয়ে সন্দীপ ঘোষে কিবা নিৰ্দেশ দিছিল নেকি বুলিও প্ৰশ্ন উঠিছে। চি বি আইয়ে ঘটনাৰ পাছত সন্দীপ ঘোষে কাৰ কাৰ লগত বৈঠকত মিলিত হৈছিল, কি কি বিষয় আলোচনা কৰিছিল সেয়াও জানিবলৈ বিচাৰিছে।

কিন্তু এনেবোৰ বিষয়ত সন্দীপ ঘোষৰ পৰা পোৱা তথ্যক লৈ সন্তুষ্ট নহয় চি বি আইৰ তদন্তকাৰী দল। সেয়ে তেওঁক পুনৰ তলব কৰিছিল তদন্তকাৰী দলটোৱে। সন্দীপ ঘোষে যদিও সম্পূৰ্ণ সহযোগিতা কৰিছোঁ বুলি কৈছে তথাপিও তেওঁৰ ভাষ্যত অসন্তুষ্ট তদন্তাৰী দল।

বন্ধু নহয়, বান্ধৱীৰ সংখ্যাহে অধিক ডাঃ সন্দীপ ঘোষৰ

ডাঃ সন্দীপ ঘোষৰ নাম এই ঘটনাৰ সৈতে জড়িত হোৱাৰ পাছৰ পৰাই তেওঁৰ ব্যক্তিগত আৰু পেছাগত বিষয়ৰ বহু কথাই চৰ্চালৈ আহিছে। ছাত্ৰ অৱস্থাৰ পৰাই অতি মেধাসম্পন্ন, শান্ত স্বভাৱৰ সন্দীপ ঘোষৰ পুৰুষ বন্ধুতকৈ বেছি আছিল মহিলা বন্ধু।

ছাত্ৰ অৱস্থাত অতি মেধাৱী হিচাপে পৰিচয় দিয়া সন্দীপ ঘোষৰ নাম এই ঘটনাৰ সৈতে জড়িত হোৱাত তেওঁৰ সহপাঠী আৰু শিক্ষকসকল বিস্মিত হৈ পৰিছে। সন্দীপ ঘোষে অধ্যয়ন কৰা বনগাওঁ হাই স্কুলৰ মেধা শিক্ষাৰ্থীৰ তালিকাত জিলিকি আছে তেওঁৰ নাম।

কিন্তু এই ঘটনাৰ সৈতে সন্দীপ জড়িত থকা বুলি যদি প্ৰমাণ হয় তেন্তে শিক্ষানুষ্ঠানখনৰ পৰা তেওঁৰ নাম মোহাৰি পেলোৱা হ’ব বুলিও বিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰিছে। সন্দীপৰ প্ৰতিবেশীৰ মতে তেওঁৰ বৰ বিশেষ বন্ধু নাছিল। যিখিনি বন্ধু আছিল তাৰ অধিকাংশই আছিল ছোৱালী। তেওঁলোকৰ লগতেই অতি ঘনিষ্ঠ আছিল তেওঁ।

উচ্চতম ন্যায়ালয়েও ল’ব নিজাববীয়া ব্যৱস্থা

উচ্চতম ন্যায়ালয়ে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ এই জঘণ্য ঘটনাক লৈ এক নিজাববীয়া গোচৰ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে।

মুখ্য ন্যায়াধীশগৰাকীৰ উপৰিও আন দুই সদস্য ক্ৰমে ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ। সোমবাৰে ন্যায়ালয় বন্ধ থকাৰ বাবে চলিত সপ্তাহৰ মঙ্গলবাৰে পুৱা ন্যায়ালয়ৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগেই এই গোচৰৰ শুনানি আৰম্ভ হ’ব।

শুনানিত ঘটনাৰ তদন্তৰ গতিবিধি, হাস্পতাল কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা সন্দৰ্ভত দৃষ্টি ৰাখিব ন্যায়ালয়ে। তাৰোপৰি কৰ্মস্থলীত মহিলাৰ নিৰাপত্তাৰ দিশটোৰ ওপৰতো গুৰুত্ব দিব।

ইণ্ডিয়ান অৰ্থপেডিক এছোচিয়েছনৰ সদস্য পদ খাৰিজ

ডাঃ সন্দীপ ঘোষ তদন্তৰ আওঁতালৈ অহাৰ লগতে তেওঁৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগে ইণ্ডিয়ান অৰ্থপেডিক এছোচিয়েছনেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় এই চিকিৎসক সংগঠনটোৱে সন্দীপ ঘোষক সংগঠনৰ সদস্যৰ পৰা বাদ দিছে।

এক বিজ্ঞপ্তি প্ৰকাশ কৰি সংগঠনটোৱে জনাইছে যে, যেতিয়ালৈকে সন্দীপ ঘোষে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব নোৱাৰিব তেতিয়ালৈকে সংগঠনটোৱে তেওঁৰ সৈতে কোনো সম্পৰ্ক ৰক্ষা নকৰে। সংগঠনৰ কোনো অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in