/asomiyapratidin/media/media_files/2025/01/17/uPGuxogmQLqVoIeTHGrD.jpg)
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে প্ৰকাশিত QS ৱৰ্ল্ড ফিউচাৰ স্কিলচ ইণ্ডেক্সে ভাৰতৰ চাকৰিৰ বজাৰখন বিশ্বৰ আটাইতকৈ প্ৰস্তুত বজাৰ বুলি চিনাক্ত কৰিছে। ভাৰতৰ এই চাকৰি বজাৰখন কৃত্ৰিম বুদ্ধিমত্তা (এ আই), ডিজিটেল আৰু সেউজ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহৰ বাবে সাজু হৈ আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সাফল্যৰ কথা উল্লেখ কৰি ইয়াক প্ৰশংসা কৰিছে। তেওঁ এক্সত লিখিছে, "এইটো দেখি ভাল লাগিছে! যোৱা দশকত, আমাৰ চৰকাৰে আমাৰ যুৱসকলক স্বাৱলম্বী কৰি তুলিবলৈ বিভিন্ন দক্ষতা প্ৰদান কৰিছে, যি তেওঁলোকক আত্মনিৰ্ভৰশীল হোৱাত আৰু সম্পদ সৃষ্টি কৰাত সহায় কৰিছে। আমি প্ৰযুক্তিৰ শক্তি ব্যৱহাৰ কৰি ভাৰতক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছো। QS ৱৰ্ল্ড ফিউচাৰ স্কিল ইণ্ডেক্সৰ তথ্যই আমাৰ যাত্ৰাক অধিক শক্তিশালী কৰিব।"
QS কোৱাকুৱেৰেলি চিমণ্ডছৰ দ্বাৰা তৈয়াৰ কৰা এই সূচীখনে চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দেশৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে। এই চাৰিটা হৈছে ক্ৰমে, স্কিলছ ফিট, একাডেমিক ৰেডিনেন্স, ফিউচাৰ অৱ ৱৰ্ক আৰু ইকনমিক ট্ৰান্সফৰমেচন।
"ফিউচাৰ অফ ৱৰ্ক" সূচকত ভাৰতে দ্বিতীয় সৰ্বাধিক নম্বৰ (৯৯.১) অৰ্জন কৰিছে। এই ক্ষেত্ৰত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে দ্বিতীয় স্থানত আছে। ভাৰতৰ শক্তিশালী ষ্টাৰ্টআপ সংস্কৃতি আৰু ভেঞ্চাৰ কেপিটেল ফাণ্ডিং আকৰ্ষিত কৰাৰ বাবে বিখ্যাত হৈ পৰিছে।
QS বিশ্লেষণে প্ৰকাশ কৰা অনুসৰি কেতবোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আছে যাক ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা, উদ্যোগ সহযোগিতা আৰু নিযুক্তি বজাৰত উন্নতিৰ প্ৰয়োজন। বিশেষকৈ, ডিজিটেল, এ আই আৰু সেউজ দক্ষতা প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয়বোৰক অধিক উন্নতিৰ প্ৰয়োজন।
সূচীখনে ভাৰতক কিছু পৰামৰ্শও আগবঢ়াইছে। সেই পৰামৰ্শসমূহৰ ভিতৰত আছে উদ্যোগ আৰু গৱেষণাৰ মাজত বৰ্ধিত সমন্বয়, প্ৰাপ্তবয়স্ক শিক্ষাৰ বাবে এক সঠিক পাঠ্যক্ৰম উন্নতি কৰা।
QSৰ উপ-সভাপতি মট্টে কোৱাকুৱেৰেলীয়ে এই সন্দৰ্ভত কয়, "ভাৰতে শেহতীয়াকৈ অৰ্জন কৰা উন্নয়ন, যুৱ জনসংখ্যা আৰু ষ্টাৰ্টআপ সংস্কৃতিয়ে দেশখনক বিশ্বৰ শীৰ্ষস্থানলৈ লৈ আহিছে। ২০২৫-২০৩০ বৰ্ষৰ ভিতৰত, ভাৰতে বাৰ্ষিক গড় বৃদ্ধি ৬.৫ শতাংশৰ সৈতে আগবাঢ়িব। অৱশ্যে, দক্ষতা বিকাশ প্ৰক্ৰিয়াৰ সৈতে খাপ খাই থাকিবলৈ শিক্ষাৰ্থী, স্নাতক আৰু কৰ্মচাৰীসকলক সহায় কৰাটো গুৰুত্বপূৰ্ণ।"