/asomiyapratidin/media/media_files/2025/03/12/ziVBsdlQcIW3zRB0nVgg.jpg)
ডিজিটেল ডেস্কঃ IQ Air- এ প্ৰকাশ কৰা 'বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন ২০২৪'-এ যিদৰে এফালে উদ্বেগৰ সৃষ্টি কৰিছে ঠিক একেদৰেই মানুহৰ মনত নতুন চিন্তাৰো উদ্ৰেক ঘটাইছে। এই প্ৰতিবেদনত বিশ্বৰ শীৰ্ষ ২০ খন চহৰৰ ভিতৰত ভাৰতৰে ১৩ খন চহৰে স্থান লাভ কৰিছে।
অসমৰ বৰ্ণিহাট আছে এই তলিকাৰ শীৰ্ষত। অথচ মানুহৰ মনত অত্যাধিক প্ৰদূষিত বুলি ধাৰণা থকা আন কেইবাখনো ভাৰতীয় চহৰৰ বায়ু আকৌ জনসাধাৰণৰ বাবে সুৰক্ষিত বুলিহে প্ৰতিবেদনত উল্লেখ আছে।
IQ Air এ প্ৰকাশ কৰা এই প্ৰতিবেদন অনুসৰি বৰ্ণিহাট যিদৰে ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ ঠিক সেইদৰে বিশ্বৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত আছে দিল্লী। তাৰোপৰি বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশৰ তালিকাত ভাৰতৰ স্থান পঞ্চম। পূৰ্বে এই তালিকাত ভাৰতৰ স্থান আছিল তৃতীয়।
ইয়াৰ বিপৰীতে আকৌ উত্তৰ প্ৰদেশৰ দৰে জনবহুল ৰাজ্যৰ প্ৰয়াগৰাজ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ বুলিহে প্ৰতিবেদনত উল্লেখ আছে। চলিত বছৰৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ এই প্ৰয়াগৰাজতে অনুষ্ঠিত হৈছিল বিশ্বৰ সৰ্ববৃহৎ অনুষ্ঠান মহাকুম্ভ মেলায য’ত দৈনিক কোটিৰো অধিক মানুহৰ সমাগম হৈছিল।
ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহ
প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ বায়ুৰ চহৰৰ তালিকাৰ শীৰ্ষত যিদৰে প্ৰয়াগৰাজ আছে ঠিক সেইদৰেই উত্তৰ প্ৰদেশৰ আন চহৰেও স্থান লাভ কৰিছে। প্ৰতিবেদন অনুসৰি ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহ ক্ৰমে প্ৰয়াগৰাজ, বেংগালুৰু, বাৰণসী, জবলপুৰ, চেন্নাই, ৰায়পুৰ, বিজয়ৱাড়া, ভিলাই, ভূপাল আৰু কোটা।
বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰ
বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন ২০২৪ ত উল্লেখ থকা অনুসৰি বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰ ক্ৰমে বৰ্ণিহাট (মেঘালয়, ভাৰত), দিল্লী (ভাৰত), কাৰাগাণ্ডা (কাজাখস্তান),মুলনপুৰ (পাঞ্জাৱ, ভাৰত), লাহোৰ (পাকিস্তান),ফৰিদাবাদ (হাৰিয়ানা, ভাৰত), ফৰিদাবাদ (হাৰিয়ানা, ভাৰত), এন'ডজামেনা (চাড),লনী (উত্তৰ প্ৰদেশ, ভাৰত), নতুন দিল্লী (ভাৰত),মুলতান (পাকিস্তান),পেছাৱাৰ (পাকিস্তান), ছিয়ালকোট (পাকিস্তান), গুৰুগ্ৰাম (হাৰিয়ানা, ভাৰত), গংগানগৰ(ৰাজস্থান, ভাৰত), হোটান (চীন), গ্ৰেটাৰ নয়ডা (ইউ পি, ভাৰত), ভীৱাড়ী (ৰাজস্থান, ভাৰত), মুজাফ্ফৰনগৰ (উত্তৰ প্ৰদেশ, ভাৰত) হনুমানগড় (ৰাজস্থান, ভাৰত), নয়ডা (উত্তৰ প্ৰদেশ, ভাৰত)।