
ডিজিটেল ডেস্কঃ অতি বিপদজনক হৈ পৰিছে দিল্লীৰ বায়ুমণ্ডল। উশাহ লৈ জীয়াই থাকিবলৈও দিল্লীবাসীয়ে এতিয়া চিন্তা কৰিবলগীয়া হৈছে। কেৱল দিল্লী বুলিয়েই নহয়, উত্তৰ ভাৰততে প্ৰদূষিত বায়ু এক জ্বলন্ত সমস্যালৈ পৰিণত হৈছ।
দিল্লীৰ অতিমাত্ৰা প্ৰদূষিত বায়ু সন্দৰ্ভত অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এক সংবাদ মেল সম্বোধন কৰি পঞ্জাৱত এই সময়ছোৱাত কৃষকসকলে নৰাকে ধৰি শস্য় পথাৰৰ জ্বলাই দিয়া কাৰ্যৰ বাবে তেওঁলোক দায়বদ্ধ। এই বিষয়ত আপ দলে ৰাজনীতি কৰিব নিবিচাৰে। অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও এই বায়ু প্ৰদূষণৰ সমস্যাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলিও মন্তব্য কৰিছে।
দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয় যে, এখন ৰাজ্যৰ বায়ু এখন ৰাজ্যত নাথাকে, ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ ল'ব লাগিব। আমাৰ পঞ্জাৱ আৰু দিল্লীত চৰকাৰ আছে। এয়া আঙুলি উঠোৱা বা গালি দিয়াৰ সময় নহয়।
তেওঁ কয় যে, এজনে আনজনলৈ আঙুলি উঠাই থাকিলে সমস্যাৰ সমাধান নহ'ব। আমি বিশ্বাস কৰোঁ যে, পঞ্জাৱত খৰি জ্বলাই থকাৰ বাবে কৃষকসকল দায়বদ্ধ নহয়। আমি আৰু আমাৰ চৰকাৰ দায়বদ্ধ। আমাৰ চৰকাৰৰ ছয় মাহ হ'ল। কিছুমান পদক্ষেপত সফলতা লাভ কৰিছো আৰু কিছুমান কামত সফলতা লাভ কৰা নাই। অহা বছৰৰ ভিতৰত খৰি জ্বলোৱা যথেষ্ট কম হ'ব।
ইফালে দিল্লীৰ বায়ু এইধৰে ভয়াবহ ৰূপত প্ৰদূষিত হোৱাৰ ফলত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে, কাইলৈৰ পৰা দিল্লীত পঞ্চম শ্ৰেণীলৈ বিদ্যালয় বন্ধ থাকিব। পঞ্চম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীসকলৰ বাবে সকলো বাহিৰৰ কাৰ্যকলাপ বন্ধ কৰা হ'ব। অড-ইভেন পদ্ধতিও আৰম্ভ কৰাক লৈ বিবেচনা কৰি থকা হৈছে।