পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত অগ্নিকাণ্ডঃ ১০ জন তীৰ্থ যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু...

পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত অগ্নিকাণ্ডঃ ১০ জন তীৰ্থ যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু...

ডিজিটেল ডেস্কঃ পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত সংঘটিক হোৱা বিধ্বংসী অংগীকাণ্ডত ১০ জনকৈ তীৰ্থযাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে। অতি কমেও ৫০ জন লোক এই অগ্নিকাণ্ডৰ ফলত আহত হৈছে।

উল্লেখ্য যে, তামিলনাডুৰ মাডুৰাইত শনিবাৰে পুৱা এই ৰে'লখনৰ এটা প্ৰাইভেট পাৰ্টী ক’ছত সংঘটিত হৈছে এই ঘটনা। এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে এই গেছ চিলিণ্ডাৰটো যাত্ৰীসকলে অবৈধ ভাৱে লৈ গৈছিল।  

এই প্ৰসংগত দক্ষিণ ৰে’লৱেৰ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় য, মাদুৰাইত আজি পুৱা ৫-১৫ বজাত পুনালুৰ-মাদুৰাই এক্সপ্ৰেছৰ এটা প্ৰাইভেট ক’ছত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

ৰে'লখনৰ অন্যান্য ক’ছত কোনো ক্ষয় ক্ষতি হোৱা নাই। যাত্ৰীসকলে অবৈধভাৱে সৰবৰাহ কৰা গেছ চিলিণ্ডাৰৰ বাবে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ১০ জন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এইযাত্ৰীসকলে উত্তৰ প্ৰদেশলৈ ধৰ্মীয় যাত্ৰা কৰিছিল। এই তীৰ্যযাত্ৰীৰ মাজৰে এজনে গেছ ষ্টভত কফি বনাবলৈ গেছ জ্বলোৱাৰ সময়তে চিলিণ্ডাৰটো বিস্ফোৰিত হয়।

ইফালে এই ঘটনাত নিহতসকললৈ ৰেলৱেই ১০ লাখলৈ টকা ক্ষতিপূৰণ হিচাপে ঘোষণা কৰিছে।

পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত অগ্নিকাণ্ডঃ ১০ জন তীৰ্থ যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু...
ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in