/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8ad03760-03fc-4d16-8db4-8abcfcf01304/kashmir.jpg)
ডিজিটেল ডেস্ক: নাৰী দেহ ব্যৱসায়ী কাৰ্যৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা। জম্মু-কাশ্মীৰৰ বাৰমূলা অঞ্চলত বুধবাৰে আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত অঞ্চলটিৰ এটা নাৰী দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰাৰ লগতে অনৈতিক কাণ্ডৰে জড়িত থকাৰ অভিযোগত ৬গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আনহাতে দেহ ব্যৱসায়ী চক্ৰটোৰ নাৰী সৰবাৰাহকাৰী কাৰ্যৰে সম্পৰ্ক থকাৰ অভিযোগত দুগৰাকী মহিলাকো অভিযানকাৰী আৰক্ষী দলটোৱে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলাইছিল।
জানিব পৰা মতে, উক্ত চক্ৰটোৱে বাছ আস্থানৰ সমীপৰ বাৰমূলাৰ এটা ভাড়াঘৰত এই অনৈতিক কাৰ্য বহুদিনৰ পৰাই চলাই আহিছিল। ইতিমধ্যে অনৈতিক কাৰ্য-কলাপৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উক্ত লোককেইজনক অধিক তথ্যৰ বাবে সোধা-পোচা অৱ্যাহত ৰাখিছে।
Also Read: ফিল'ডেলফিয়াৰ ভয়াৱহ ছবি : মাৰাত্মক ড্ৰাগছে সলাই দিছে জীৱন শৈলী