jet airways ৰ প্ৰতিষ্ঠাপক নৰেশ গোৱালাৰ ৫০০ কোটি টকাৰ সম্পত্তি জব্দ

jet airways ৰ প্ৰতিষ্ঠাপক নৰেশ গোৱালাৰ ৫০০ কোটি টকাৰ সম্পত্তি জব্দ

author-image
Asomiya Pratidin
New Update
jet airways ৰ প্ৰতিষ্ঠাপক নৰেশ গোৱালাৰ ৫০০ কোটি টকাৰ সম্পত্তি জব্দ

ডিজিটেল ডেস্কঃ জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেডৰ সৈতে সম্পৰ্কিত এক কেলেংকাৰীত ইডিয়ে ৫০০ কোটি টকাৰ অধিক সম্পত্তি জব্দ কৰিছে। এই সম্পত্তিবোৰৰ ভিতৰত আছে- জেট এৱাৰবেজৰ সংস্থাপক নৰেশ গোৱালা, পত্নী অনীতা গোৱালা, পুত্ৰ নিবান গোৱালৰ লগতে কোম্পানীটোৰ অন্যান্য লোকৰ নামত থকা ১৭ টা ফ্লেট, বাণিজ্যিক বিল্ডিং আদি। এই সম্পত্তিসমূহ লণ্ডন, ডুবাই আৰু ভাৰতৰ অন্য অন্য ৰাজ্যত আছে।

Advertisment

কেন্দ্ৰীয় তদন্ত সংস্থা ইডিয়ে মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ), ২০০২-ৰ অধীনত প্ৰায় ৫৩৮ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। নৰেশ গোৱেলৰ উপৰিও জেটএয়াৰ প্ৰাইভেট লিমিটেড আৰু জেট এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেডৰ নামত কিছু সম্পত্তি পঞ্জীয়ন আছে ।

ইডিয়ে মঙলবাৰে নৰেশ গোৱেল আৰু আন পাঁচজনৰ বিৰুদ্ধে কানাৰা বেংকে দাখিল কৰা প্ৰৱঞ্চনাৰ গোচৰত অভিযোগপত্ৰ দাখিল কৰিছিল। বেংকে এজাহাৰখনত অভিযোগ কৰিছে যে জেট এয়াৰৱেজক ৮৪৮ কোটি টকালৈকে ঋণ দিছিল। ইয়াৰে এতিয়াও ৫৩৮ কোটি টকা এতিয়াও বাকী আছে।

নৰেশ গোৱেলক ১ ছেপ্টেম্বৰত ইডিয়ে মানি লণ্ডৰিং গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ বৰ্তমান মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে।অভিযোগ অনুসৰি নৰেশ গোৱালাই বিদেশত ট্ৰাষ্ট গঠন কৰি ধনৰ অপব্যৱহাৰ কৰিছিল।

Also Read: লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

jet airways