জয়ৰ দিশে প্ৰিয়ংকা!

জয় নিশ্চিত প্ৰিয়ংকা গান্ধীৰ! প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত কৰিছে প্ৰিয়ংকা গান্ধীয়ে। পূৰ্বতে ভাতৃয়ে প্ৰতিনিধিত্ব কৰা

author-image
Asomiya Pratidin
New Update
priyanka

ডিজিটেল ডেস্কঃ  জয় নিশ্চিত প্ৰিয়ংকা গান্ধীৰ! প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত কৰিছে প্ৰিয়ংকা গান্ধীয়ে। পূৰ্বতে ভাতৃয়ে প্ৰতিনিধিত্ব কৰা এই সমষ্টিটোত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত দেখা পোৱা গল প্ৰিয়ংকাৰ সন্মুখত নিষ্প্ৰভ হৈ পৰিছে আনদলৰ প্ৰাৰ্থী। 

এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই সমষ্টিৰ ফলাফল ঘোষণা কৰা হোৱা নাই যদিও প্ৰাথমিক যি আভাস পোৱা গৈছে সেই আভাসত দেখা পোৱা গল ৱায়নাডত চলিছে প্ৰিয়ংকাৰ ছুনামি। নিকটতম প্ৰতিদ্বন্দ্বী চৈত্যন মুখেৰিতকৈ প্ৰিয়ংকা গান্ধীয়ে ১০৮৫৫৮টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

এই মূৰ্হুতলৈকে প্ৰিয়ংকাই ১, ৬৫, ৪৮৭টা ভোট লাভ কৰাৰ বিপৰীতে চি পি আইৰ প্ৰাৰ্থী চৈত্যন মুখেৰীয়ে ৫৬,৯২৯টা ভোটহে লাভ কৰিছে। 

প্ৰিয়ংকা গান্ধী