/asomiyapratidin/media/media_files/2024/12/05/HqubVp7ygLSugSTFrp05.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহে দায়িত্ব পালন কৰা ৫ বছৰৰো অধিক সময় হৈছে। তেওঁ নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালত গৃহমন্ত্ৰী হিচাপে প্ৰথমে দায়িত্ব পালন কৰিছিল। তৃতীয় কাৰ্যকালতো সেই একেই দায়িত্ব গ্ৰহণ কৰিছে। শ্বাহে গৃহমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ এই সুদীৰ্ঘ সময়ত তেওঁক গান্ধী পৰিয়ালৰ কোনো এগৰাকী সদস্যই চৰকাৰী কামত সাক্ষাৎ কৰাৰ নজিৰ নাই।
কিন্তু সাংসদ হিচাপে প্ৰথমবাৰলৈ নিৰ্বাচিত হোৱাৰ পিছতেই প্ৰিয়ংকা গান্ধীয়ে গান্ধী পৰিয়ালৰ এই পৰম্পৰাক যেন ভংগ কৰিলে। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ দুসপ্তাহৰ ভিতৰতে তেওঁ সাক্ষাৎ কৰিলে অমিত শ্বাহক। ৱায়নাড সমষ্টিৰ সাংসদ হিচাপে অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হোৱা প্ৰিয়ংকাই ৱায়নাডৰ ভূমিস্খলনৰ ক্ষতিপূৰণ বৃদ্ধি কৰিবলৈ অমিত শ্বাহক সাক্ষাৎ কৰি দাবী উত্থাপন কৰিছে।
প্ৰিয়ংকা গান্ধীয়ে মূলতঃ ৱায়ানাডৰ ভূমিস্খলন আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায় বিচাৰি গৃহ মন্ত্ৰীৰ কাষ চাপিছে। অৱশ্যে, প্ৰিয়ংকা গান্ধীয়ে অকলেই অমিত শ্বাহক সাক্ষাৎ কৰা নাই। তেওঁক সংগ দিছে কেৰালাৰ কংগ্ৰেছ আন কেইবাজনো সাংসদে।
উল্লেখ্য যে, যোৱা ছেপ্টেম্বৰত হোৱা এক বৃহৎ ভূমিস্খলনৰ ফলত ৱায়ানাডত ধ্বংসলীলা চলিছিল। এই ভূমিস্খলনৰ দুঃস্বপ্নৰ পৰা লাহে লাহে ভুক্তভোগী লোকসকল বাহিৰ হৈছে। কিন্তু তেওঁলোকক চৰকাৰী সহায়ৰ প্ৰয়োজন যথেষ্ট আছে। এনে পৰিস্থিতিতে তেওঁলোকে অমিত শ্বাহক সাক্ষাত কৰিছে। কিয়নো ৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়টো গৃহ মন্ত্ৰালয়ৰ দ্বাৰাই পৰিচালিত হয়।
প্ৰিয়ংকা গান্ধীৰ অভিযোগ ৱায়নাডৰ সাহায্য মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য দুই চৰকাৰেই লেহেমীয়াকৈ কাম কৰিছে। ৱায়নাডৰ সাংসদগৰাকীয়ে কয়, "গাঁৱৰ পিছত গাওঁ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুতো পৰিয়াল শেষ হৈ গৈছে। বহুলোকে সকলো হেৰুৱালে। এই পৰিস্থিতিত, যদি তেওঁলোকক সকাহ দিয়াত পলম হয় তেন্তে তেওঁলোক অধিক সমস্যাৰ সন্মুখীন হ'ব। তদুপৰি, এই সময়তে যদি সকাহ নাপায়, তেন্তে অঞ্চলটোৰ জনসাধাৰণৰ মনত এক নেতিবাচক মানসিকতাৰ সৃষ্টি হ'ব।