/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/42aa4988-625f-4e0b-b939-54c9ca9e7d3f/nsss.jpg)
president nss award
ডিজিটেল ডেস্ক : ৰাষ্ট্রপতি ভৱনত শনিবাৰে অনুষ্ঠিত কৰা হয় ২০২০-২১ বৰ্ষৰ এন.এছ.এছ বঁটা প্রদান অনুষ্ঠান। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে প্ৰদান কৰে বঁটা। উল্লেখ্য যে দৰবাৰ হলত জিলিকিল অসমৰ তিনিখনকৈ মহাবিদ্যালয়।
জিলিকি উঠিল বি বৰুৱা মহাবিদ্যালয়। ড০ সত্যব্ৰত বৰুৱা, ড০ সত্যেন্দ্ৰ নাথ বৰ্মনে ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে বঁটা। ডিগবৈ আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ ২ শিক্ষাৰ্থীক প্ৰদান কৰা হয় ৰাষ্ট্রপতি বঁটা। ডিগবৈ মহাবিদ্যালয়ৰ নয়না শইকীয়া আৰু ৰঙাপাৰা মহাবিদ্যালয়ৰ শুভংকৰ দে'য়ে গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতি বঁটা।