/asomiyapratidin/media/media_files/2025/01/25/dACYZHR1uH1Cyob94gJH.png)
ডিজিটেল ডেস্কঃ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে। দেশবাসীক সম্বোধনৰ সময়ত তেওঁ কয়, বিশ্বৰ প্ৰাচীনতম সভ্যতাসমূহৰ ভিতৰত ভাৰতক জ্ঞান আৰু বুদ্ধিৰ উৎস হিচাপে বিবেচনা কৰা হৈছে। কিন্তু ভাৰতে এক অন্ধকাৰ সময়ৰ মাজেৰে আগবাঢ়ি আহিবলগীয়া হৈছিল। আজিৰ দিনটোত আমি প্ৰথমে আমাৰ সাহসী বীৰসকলক স্মৰণ কৰিছো যিসকলে মাতৃভূমিক বিদেশী শাসনৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছিল।
এইবছৰ আমি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছো। তেওঁ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম যাৰ ভূমিকা জাতীয় ইতিহাসত এতিয়া যথাযথভাৱে মূল্যায়ন হৈছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয়, ১৯৪৭ চনত আমি স্বাধীনতা লাভ কৰিছিলো। তাৰ পাছতো ঔপনিৱেশিক মনোভাৱৰ বহু অৱশিষ্ট দীৰ্ঘকাল ধৰি বিদ্যমান আছিল। সাম্প্ৰতিক সময়ত সেই মনোভাৱ পৰিবৰ্তনৰ দৃঢ় প্ৰচেষ্টা আমি দেখিবলৈ পাইছো। এনে প্ৰচেষ্টাৰ মাজেত সকলোতকৈ উল্লেখযোগ্য হৈছে ভাৰতীয় দণ্ডবিধি, ফৌজকৃদাৰী কাৰ্যবিধি আৰু প্ৰমাণ আইনক পৰিবৰ্তন কৰি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইন প্ৰয়োগ কৰাৰ সিদ্ধান্ত।
ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয়, আমাৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে আমাৰ সম্পৰ্ক আৰু গভীৰ হৈছে। এই সময়ত প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাক এই সমৃদ্ধ ঐতিহ্যৰ এক প্ৰভাৱশালী প্ৰকাশ হিচাপে চাব পাৰি। আমাৰ ঐতিহ্য আৰু ৰীতি নীতি সংৰক্ষণ আৰু সেইসমূহত নতুন শক্তি সঞ্চাৰৰ বাবে সংস্কৃতি ক্ষেত্ৰত বহু উৎসাহজনক উদ্যোগগ্ৰহণ কৰা হৈছে।
ৰাষ্ট্ৰপতি মুৰ্মুৱে আৰু কয়, ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আমাৰ সংবিধান সভাৰ পৰিকাঠামোত প্ৰতিফলিত হৈছিল। এই সভাত দেশৰ সকলো অঞ্চল আৰু সকলো সম্প্ৰদায়ৰ প্ৰতিনিধি আছিল। সকলোতকৈ উল্লেখযোগ্য বিষয় আছিল সংবিধান সভাত ১৫ গৰাকী অসাধাৰণ মহিলা, সৰোজনিনী নাইডু, ৰাজকুমাৰী অমৃত কৌৰ, সুচেতা কৃপালানি, মালতী চৌধুৰীৰ আদিক অন্তৰ্ভুক্ত কৰিছিল।
ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত দেশে বিজ্ঞান, ক্ৰীড়া, মহাকাশ গৱেষণা, বিশ্বায়নৰ ভাবুকি আদি অনেক প্ৰসংগ উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰসমূহত লাভ কৰা সফলতাকো দোহাৰে।