বিৰোধীয়ে বিজেপিক কেতিয়াও প্ৰত্যাহ্বান জনাব নোৱাৰেঃ প্ৰশান্ত কিশোৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বিৰোধীৰ স্থিতিক লৈও বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
বিৰোধীয়ে বিজেপিক কেতিয়াও প্ৰত্যাহ্বান জনাব নোৱাৰেঃ প্ৰশান্ত কিশোৰ

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বিৰোধীৰ স্থিতিক লৈও বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে।

Advertisment

ইয়াৰ মাজতে সোমবাৰে ৰাজনীতি ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ভৱিষ্যতবাণী কৰে যে ২০২৪ চনত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যৰ ফলত কোনো লাভ নহয়। কিয়নো ই অস্থিৰ আৰু আদৰ্শগতভাৱে পৃথক হ'ব। তেওঁ কয় যে বিৰোধী ঐক্যৰ নেতা সকলকে একত্ৰিত কৰি ৰখাতো সম্ভৱপৰ নহ'ব।

তেওঁ কয় যে, যদি বিজেপিক প্ৰত্যাহ্বান জনাব বিচাৰে তেন্তে দলটোৰ শক্তি বুজিব লাগিব। সেয়া হ'ল- হিন্দুত্ব, জাতীয়তাবাদ আৰু কল্যানবাদ। যদি বিৰোধীয়ে ইয়াৰে ক'মেও দুটা স্তৰ অতিক্ৰম কৰিব নোৱাৰে তেন্তে বিজেপিক কোনো বিৰোধীয়ে প্ৰত্যাহ্বান জনাব নোৱাৰে।

প্ৰশান্ত কিশোৰৰ 'জন সুৰয যাত্ৰা'ৰ ওপৰত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে এই যাত্ৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দৰে নহয়। এই যাত্ৰা হ'ল ৰাজ্য খনৰ লোক সকলক বুজি উঠা আৰু নতুন ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলা।

Also Read: কেৰালাই লাভ কৰিলে তৃতীয় লিংগৰ প্ৰথম গৰাকী অধিবক্তা

congress prashant kishor