বিজেপিৰ সৈতে আছে যোগাযোগত আছে নীতিশ কুমাৰ, পুনৰ যোগদানৰ সম্ভাৱণা: প্ৰশান্ত কিশোৰ

ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে বুধবাৰে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বিজেপিৰ সৈতে যোগাযোগত আছে।

author-image
Asomiya Pratidin
New Update
সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে…

nitish kumar, modi

ডিজিটেল ডেস্ক: ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে বুধবাৰে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বিজেপিৰ সৈতে যোগাযোগত আছে। পৰিস্থিতি সাপেক্ষে নীতিশ কুমাৰে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ সম্ভাৱণা আছে।

Advertisment

কিন্তু প্ৰশান্ত কিশোৰৰ এই মন্তব্যক নীতিশ কুমাৰৰ জনতা দলে (ইউ) য়ে খাৰিজ কৰে আৰু কয় যে তেওঁ জনতাক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। লগতে কৈছে যে জনতা দলে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা নকৰে।

বৰ্তমান সময়ত প্ৰশান্ত কিশোৰ বিহাৰত পদযাত্ৰাত আছে আৰু তেওঁ যে সক্ৰিয় ৰাজনীতিতক অংশ গ্ৰহণ কৰিব এয়া স্পষ্ট পৰিছে। তেওঁ কয় যে নীতিশ কুমাৰে জেডি(ইউ)ৰ সাংসদ আৰু ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশৰ জৰিয়তে বিজেপিৰ সৈতে আলোচনাৰ পথ মুকলি ৰাখিছে।

প্ৰশান্ত কিশোৰে কয় যে, "একাংশই ভাবিছে যে নীতিশ কুমাৰে বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মিত্ৰতা গঢ়িবলৈ চেষ্টা কৰি আছে । কিন্তু তেওঁলোক জানি আচৰিত হ'ব যে নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতাৰ পথ মুকলি কৰি ৰাখিছে।

উল্লেখ্য যে, প্ৰশান্ত কিশোৰে ২ অক্টোবৰত পশ্চিম চম্পাৰণৰ ভিটিহাৰৱাত গান্ধী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছিল। তেওঁ আগন্তু ১২-১৩ মাহ পদযাত্ৰা কৰিব।

narendra modi bjp nitish kumar prashant kishor