কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ প্ৰশান্ত কিশোৰে ক'লে...

পূৰ্ব ৰাজনীতি ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ওপৰত বিশেষ মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ প্ৰশান্ত কিশোৰে ক'লে...

ডিজিটেল ডেস্ক: পূৰ্ব ৰাজনীতি ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ওপৰত বিশেষ মন্তব্য কৰে। মঙলবাৰে কিশোৰে কয় যে কংগ্ৰেছৰ এই যাত্ৰা গুজৰাট অথবা বিজেপি শাসিত ৰাজ্যৰ পৰা হ'ব লাগিছিল। তেওঁ কয় যে, কংগ্ৰেছে এনে ৰাজ্যৰ পৰা যাত্ৰা আৰম্ভ কৰিব লাগিছিল য'ত এইটো বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব।

Advertisment

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা তামিলনাডুৰ পৰা আৰম্ভ হৈছে।এই বৰ্ষত প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলত যোগদান কৰাৰ চৰ্চা চলিছিল যদিও পাছলৈ তেওঁ কংগ্ৰেছৰ প্ৰস্তাৱ নাকচ কৰে।

উল্লেখ্য যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা চলি থকাৰ মাজতেই কংগ্ৰেছৰ মাজত বিভিন্ন কন্দলে দেখা দিয়া হয়। কংগ্ৰেছৰ এই যাত্ৰা চলি থকাৰ মাজতেই গোৱাৰ কেইবাজনো বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। গতিকে কংগ্ৰেছৰ এই প্ৰচেষ্টা কিমান সফল হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

congress rahul gandhi PRASANT kishor