/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/737aedb5-a8ee-4bda-99bc-0c7d11d19339/AP_FOR_WEB_delhi.jpg)
ডিজিটেল ডেস্ক: সকলোৰে যেন অপেক্ষা ২২ জানুৱাৰী দিনটোলৈ।ৰাম মন্দিৰ উদ্ধোধনৰ বাবে এতিয়া সমগ্ৰ দেশখনতে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।দেশ-বিদেশৰ বিভিন্ন ঠাইত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।হয়, দেশৰ ৰাজধানী দিল্লীত ২২ জানুৱাৰীত শতাধিক ঠাইত দিপাৱলী উদযাপনৰ প্ৰস্তুতি চলিছে।
এই সন্দৰ্ভত চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ (চিটিআই) অধ্যক্ষ ব্ৰিজেশ গোৱেল আৰু সভাপতি সুভাষ খাণ্ডেলৱালে ৰাজহুৱা কৰা মতে, ১০০ তকৈও অধিক খুচুৰা আৰু পাইকাৰী বজাৰত ২২ জানুৱাৰীত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ব্যৱসায়ীসকলৰ দ্বাৰা অনুষ্ঠিত এই কাৰ্যসূচীত কোনো ৰাজনৈতিক দলৰ বেনাৰ প্ৰদৰ্শন কৰা নহ'ব বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে।দিল্লীৰ ব্যৱসায়ী আৰু উদ্যোগপতিসকলৰ শীৰ্ষ সংগঠনকে ধৰি সকলো বজাৰ সংস্থা এতিয়া এই দিৱালীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।
এই উপলক্ষে কাশ্মীৰী গেটত এটা ভাণ্ডাৰাৰ ব্যৱস্থা কৰা হৈছে।কমলা নগৰত ইতিমধ্যে মালা আৰু খান মাৰ্কেটত গেৰুৱা পতাকা লগোৱা হৈছে।লক্ষ্মী নগৰত হ'ব সুন্দৰকান্দ পাঠ। দাৰিবা কলনক দেৱালীৰ দৰে পোহৰাই তোলা হ'ব। জুৱেলাৰীসমূহত গ্ৰাহকসকলক দিয়া হ'ব বিশেষ ৰেহাই। ভাগীৰথ প্ৰাসাদত গেটসমূহ আটকধুনীয়াকৈ সজোৱাৰ লগতে সকলোকে লাডু বিতৰণ কৰা হ'ব।
ইফালে, নয়া বজাৰত সুন্দৰ পোহৰৰ ব্যৱস্থা কৰা হৈছে। সৰোজিনী নগৰ বজাৰত ২১ হাজাৰ চাকি জ্বলোৱা হ'ব। লাজপত নগৰ বজাৰত গেৰুৱা বেলুন আৰু পতাকা লগোৱা হ'ব। ৰোহিণী আৰু নেহৰু প্লেচৰ দোকানীসকলেও প্ৰাণ প্ৰতিষ্ঠাৰ দিনা দেৱালী উদযাপন কৰিব। চান্দনী চ’ক আৰু সদৰ বজাৰত বিশেষ সজ্জা কৰা হ'ব আৰু তাৰ পৰা শোভাযাত্ৰাও উলিওয়া হ'ব।
চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ (চিটিআই) অধ্যক্ষ ব্ৰজেশ গোৱেলে লগতে প্ৰকাশ কৰা মতে, ৰাম মন্দিৰ উদ্বোধনৰ বাবে দিল্লীত ১৫ হাজাৰ কোটি টকাৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা আছে। সদৰ বজাৰ, চান্দনী চক, মালিৱাড়া, কিনাৰী বজাৰ, কৰোল বাগ, গান্ধী নগৰ আৰু টেংক ৰোডৰ দৰে বজাৰৰ পৰা আন চহৰলৈ বহুতো সামগ্ৰী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।বজাৰত ৰাম মন্দিৰৰ মডেল, বেজ, ৰামৰ পোছাক, মালা, মুকুট, ধনু, পতাকা, লকেট, মূল আঙুঠি, ভগৱান ৰামৰ ফটোৰ বিশেষ চাহিদা আছে। পতাকাবোৰ ৬০ ৰ পৰা ৩০০ টকাত বিক্ৰী কৰা হৈছে। বেজটোৰ মূল্য ৫০ টকা, ৰাম মন্দিৰৰ সুন্দৰ মডেলবোৰ ২০০ ৰ পৰা ১০০০ টকাত বিক্ৰী কৰা হৈছে। ভগৱান ৰামৰ ফটোৰ সৈতে বৃহৎ সংখ্যক কূৰ্তা আৰু টি-চাৰ্ট বজাৰত বিক্ৰী কৰা হৈছে। মাটিৰ চাকি, ৰংগোলী, মিঠাই, উপহাৰৰ সামগ্ৰী, ফুল আৰু সজ্জা তথা বৈদ্যুতিক তাঁৰৰ ব্যৱসায় হঠাতে বৃদ্ধি পাইছে।
Also Read: চালে চকু ৰোৱা হৈ পৰিছে সমগ্ৰ আযোধ্যা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us