![একত্ৰিত হ'ব এন চি পি ! 'ঈশ্বৰ' আখ্যা শাৰদ পাৱাৰক...](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/02/iIioKyMrMScW4MtRN4g5.jpg)
ডিজিটেল ডেক্সঃ ''শাৰদ পাৱাৰ আমাৰ বাবে ঈশ্বৰৰ দৰে। দুই এন চি পি যদি মিলি যায় তেন্তে ভালেই হ’ব।''- এই মন্তব্য এন চি পিৰ অজিত পাৱাৰৰ শিবিৰৰ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰফু্ল্ল পেটেলৰ।
মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে পুনৰ নতুন ৰূপ লোৱাৰ ইংগিত বহন কৰিছে। ৰাজ্যখনত নতুন চৰকাৰ গঠন হোৱাৰ ঠিক পাছতেই এন চি পিৰ দুয়োটা শিবিৰ একত্ৰিত হোৱাৰ যি প্ৰস্তুতি চলিছে সেই প্ৰস্তুতিৰেই যেন ইংগিত দিলে প্ৰফুল্ল পেটেলে।
দৰাচলতে প্ৰফুল্ল পেটেলে অজিত পাৱাৰৰ মাতৃৰ এক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ এইদৰে উল্লেখ কৰিছে। অজিত পাৱাৰৰ মাতৃ তথা শাৰদ পাৱাৰৰ ভাই বোৱাৰী আশাই বুধবাৰে পন্ধৰপুৰৰ এটা মন্দিৰলৈ পূজা আগবঢ়াবলৈ যোৱাৰ সময়ত সাংবাদিকৰ আগত কয় যে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছো যাতে পাৱাৰ পৰিয়ালৰ ভিতৰৰ সকলো বিবাদ দূৰ হয় আৰু অজিত আৰু শাৰদ আকৌ একত্ৰিত হয়।
আশাৰ এই মন্তব্যৰ আঁত ধৰিয়েই প্ৰফুল্ল পেটেলে শাৰদ পাৱাৰক তেওঁলোকৰ বাবে ঈশ্বৰ আখ্যা দিছে। মন কৰিবলগীয়া যে, যোৱা ১২ ডিচেম্বৰত শাৰদ পাৱাৰৰ জন্মদিনৰ দিনটোত দিল্লীৰ বাসগৃহত তেওঁক সাক্ষাত কৰিছিল অজিত পাৱাৰে।
জন্মদিনৰ শুভেচ্ছা জনাবলৈ দিল্লীৰ বাসগৃহত উপস্থিত হৈছিল বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলেও তেওঁলোকৰ মাজত বহু সময় ধৰি ৰাজনৈতিক কথা-বতৰা আলোচনা হোৱা বুলি চৰ্চা হৈছিল। তাৰ পাছৰ পৰাই এন চি পিৰ দুয়োটা শিবিৰ একত্ৰিত হ’ব বুলি চৰ্চা চলি আহিছে।
উল্লেখ্য যে, ২০২৩ ৰ ২ জুলাইত শাৰদ পাৱাৰৰ সংগ ত্যাগ কৰিছিল অজিত পাৱাৰ আৰু তেওঁৰ অনুগত এন চি পিৰ কেইবাজনো বিধায়কে। তেওঁলোকে একনাথ সিন্দেৰ শিৱসেনা আৰু বিজেপিৰ মহাজুটিত চামিল হৈছিল। তাৰ পাছতেই অজিত পাৱাৰে লাভ কৰিছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব।
এন চি পিৰ দুয়োটা দলৰ বিভাজনৰ পাছত ন্যায়ালয়ত দলীয় প্ৰতীক আৰু নামক লৈ ৰুজু হোৱা গোচৰত ন্যায়ালয়ে অজিত পাৱাৰৰ গোটকেই এন চি পি নাম ব্যৱহাৰ কৰাৰ লগতে প্ৰতীক ঘড়ী ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। ফলত শাৰদ পাৱাৰ গোটৰ এন চি পিৰ নতুন নাম হয় এন চি পি (শাৰদ পাৱাৰ)।
এইদৰে দলৰ নাম আৰু প্ৰতীক হেৰুৱালেও অৱশ্যে লোকসভা নিৰ্বাচনত শাৰদ পাৱাৰৰ গোটে মুঠ ৮ খন আসন লাভ কৰিবলৈ সক্ষম হয়। অজিত পাৱাৰৰ এন চি পিয়ে লাভ কৰে মাত্ৰ এখন আসন।
লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে অজিত পাৱাৰক লৈ আৰ এছ এছ আৰু বিজেপিৰ ভিতৰচৰাত নানান প্ৰশ্নৰ সৃষ্টি হৈ আহিছিল। বহুতেই অজিত পাৱাৰক ত্যাগ কৰিবলৈয়ো বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক পৰামৰ্শ দিছিল।
এনে পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হোৱা ৰাজ্যিক বিধানসভা নিৰ্বাচনত অৱশ্যে অজিত পাৱাৰৰ এন চি পিয়ে পুনৰ মূৰ দাঙি থিয় হ’বলৈ সক্ষম হয়। দলটোৱে মুঠ ৫৯ খন আসনত প্ৰতিদ্বন্দিতা কৰি ৪১ খনতে বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে ৮৬ খন আসনত প্ৰতিদ্বন্দিতা কৰি এন চি পি শাৰদ পাৱাৰ গোটে মাত্ৰ ১০ খন আসনহে লাভ কৰে।
উল্লেখ্য যে, পূৰ্বেও পাৰিবাৰিক কণ্ডলৰ বাবেই অজিত পাৱাৰে শাৰদ পাৱাৰৰ সংগ ত্যাগ কৰিছিল। অৱশ্যে পাছত পুনৰ তেওঁৰ কাষলৈ ঘূৰি গৈছিল। পাছত পুনৰ ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ সময়ৰে পৰা অজিত পাৱাৰ বিদ্ৰোহী হৈ উঠিছিল।
তেওঁৰ সমৰ্থনতে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল দেৱেন্দ্ৰ ফাডনাৱিছে। অজিত পাৱাৰ হয় উপমুখ্যমন্ত্ৰী। কিন্তু এন চি পিৰ পৰিষদীয় দল ভাঙি পৰাত পদত্যাগ কৰিবলৈ বাধ্য হয় দুয়োজন। এনে পৰিস্থিতিত অজিত পাৱাৰ পুনৰ শাৰদ পাৱাৰৰ কাষলৈ ঘূৰি আহে।
ভতিজাৰ প্ৰতি থকা মৰমৰ বাবেই শাৰদ পাৱাৰে অজিত পাৱাৰক উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহাবিকাশ আঘৰীৰ মিত্ৰজোঁটৰ চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে সংস্থাপিত কৰে। কিন্তু ২০২২ ৰ জুন মাহত পুনৰ অজিত পাৱাৰে সিন্দে আৰু বিজেপিৰ আশ্ৰয় গ্ৰহণ কৰে।
অহা-যোৱাৰ এনে ইতিহাসেৰে সমৃদ্ধ অজিত পাৱাৰ পুনৰ শাৰদ পাৱাৰৰ কাষলৈ ঘূৰি আহিব বুলি চলা চৰ্চাত অৱশ্যে ৰাজনৈতিক বিশেষজ্ঞসকল আচৰিত হোৱা নাই। কিন্তু বিজেপি মহাৰাষ্ট্ৰত আজিৰ তাৰিখত যি শক্তিশালী স্থিতিত আছে তেনে পৰিস্থিতি যে অজিত পাৱাৰে তেওঁলোকৰ সংগ সঁচাকৈয়ে ত্যাগ কৰিবলৈ সাহস কৰিবনে বুলিও প্ৰশ্ন উত্থাপন হৈছে।
কিয়নো কেইবাহাজোৰ কোটিৰো কেলেংকাৰীত অভিযুক্ত অজিত পাৱাৰ। তেওঁৰ এই কেলেংকাৰীৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। তাৰ পাছতেই তেওঁ কাষ চাপিছিল গেৰুৱা শিবিৰৰ।