পোপ ফ্ৰান্সিছৰ দেহাৱসানত ভাৰতৰ লেটিন কেথলিক গীৰ্জাৰ ৯ দিনীয়া শোক আৰু প্ৰাৰ্থনাৰ আহ্বান

পোপ ফ্ৰান্সিছৰ মৃত্যুত ভাৰতৰ লেটিন কেথলিক গীৰ্জাৰ সকলো আৰ্হিবিষপ, বিষপ, যাজক, ডেকন, ধৰ্মীয় ব্যক্তি, কেটেকিষ্ট আৰু সাধাৰণ লোকসকলক উদ্দেশ্য কৰি এক শোকবাণী জাৰি কৰা হৈছে।

author-image
Tushar Pratim
New Update
পোপ ফ্ৰান্সিছৰ দেহাৱসানত ভাৰতৰ লেটিন কেথলিক গীৰ্জাৰ ৯ দিনীয়া শোক আৰু প্ৰাৰ্থনাৰ আহ্বান

ডিজিটেল সংবাদ বেংগালুৰুঃ পোপ ফ্ৰান্সিছৰ মৃত্যুত ভাৰতৰো খ্ৰীষ্ট ধৰ্মীয় লোকসলৰ লগতে তেওঁলোকৰ ধৰ্মীয় উপাসনাস্থলী গীৰ্জা তথা সমগ্ৰ কেথলিক সমাজত গভীৰ শোকৰ ছাঁ পৰিছে। ভাৰতৰ লেটিন কেথলিক গীৰ্জাৰ সকলো আৰ্হিবিষপ, বিষপ, যাজক, ডেকন, ধৰ্মীয় ব্যক্তি, কেটেকিষ্ট আৰু সাধাৰণ লোকসকলক উদ্দেশ্য কৰি এক শোকবাণী জাৰি কৰা হৈছে।

Advertisment

এই শোকবাণীত কোৱা হৈছে যে, পোপ ফ্ৰান্সিছ এজন প্ৰকৃত ধৰ্মগুৰু আছিল, যিয়ে গীর্জা আৰু সমাজৰ দুখীয়াৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ ২০১৩ ৰ পৰা ২০২৫ পৰ্যন্ত পেটাৰৰ উত্তৰাধিকাৰী হিচাপে গীর্জাক নেতৃত্ব দি আহিছিল। তেওঁৰ নেতৃত্বত গীৰ্জা এটি ‘Synodal’ সমাজৰ ৰূপ ললে—যিয়ে সকলোৰে কণ্ঠ শুনে, একেলগে বিচাৰ কৰে, একেলগে আগবাঢ়ে আৰু অন্তৰ্ভুক্তিৰ অৰ্থ উপলব্ধি কৰে।

পোপ ফ্ৰান্সিছে ‘লাউডাটো চি’ৰ জৰিয়তে পৃথিৱীৰ সংৰক্ষণৰ আহ্বান জনাই বিশ্বব্যাপী এক আন্দোলন আৰম্ভ কৰিছিল। তেওঁৰ আন্তঃধৰ্মীয় সংলাপ আৰু শান্তিৰ বাবে কৰা কষ্ট বহুজন সাক্ষী। যদিও তেওঁ ভাৰত ভ্ৰমণ কৰিব নোৱাৰিলে ভাৰতৰ প্ৰতি তেওঁৰ বিশেষ মৰম আছিল।  

২০২৫ জানুৱাৰীত ভুবনেশ্বৰত অনুষ্ঠিত ৩৬ সংখ্যক CCBI প্লেনাৰী এছেম্বলীত ভাৰতৰ বিষপসকলক তেওঁ গৰিব আৰু দুৰ্বলসকলৰ ওপৰত অধিক মনোযোগ দিয়াৰ আহ্বান জনাইছিল। পোপ ফ্ৰান্সিছে পাঁচজন ভাৰতীয়ক সন্তৰূপে ঘোষণা কৰিছিল। তেওঁলোক ক্ৰমে ছেইণ্ট কুৰিয়াকোচ এলিয়াছ চাৱাৰা, ছেইণ্ট ইউফ্ৰেছিয়া এলুভাথিঙাল (২৩ নৱেম্বৰ ২০১৪), ছেইণ্ট জ’ছেফ ৱাজ (১৪ জানুৱাৰী ২০১৫), ছেইণ্ট মাৰিয়াম থ্ৰেছিয়া চিৰামেল (১৩ অক্টোবৰ ২০১৯), আৰু ছেইণ্ট দেৱসাহায়ম পিল্লাই (১৫ মে’ ২০২২)।

এই শোকৰ সময়ত গীৰ্জা, গৃহ আৰু ধৰ্মীয় গোটসমূহক ৯ দিনীয়া শোক আৰু বিশেষ প্রাৰ্থনা সভা পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। সকলো গীৰ্জাৰ ঘণ্টা বজাই এই গভীৰ শোক প্ৰকাশ কৰিবলৈ কোৱা হৈছে। লগতে, স্থানীয় পৰিস্থিতি অনুসৰি, চ্যাঠেড্ৰেল গীৰ্জাত পাদ্ৰী, ধৰ্মীয় ব্যক্তি আৰু সাধাৰণ বিশ্বাসীসকল একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি দিবলৈয়ো কোৱা হৈছে। 

এই শোকবাণীত লগতে উল্লেখ কৰিছে — “আমাৰ দয়ালু প্ৰভুৱে পোপ ফ্ৰান্সিছক চিৰশান্তি দিয়ক। ধন্য কুমাৰী মাৰীয়মৰ মাতৃসুলভ হস্তক্ষেপৰে গীৰ্জা এই কঠিন সময়ত দৃঢ় হৈ থাকক।”

পোপ ফ্ৰান্সিছ