ৰাজনৈতিক একনায়কত্ববাদ বাস্তৱলৈ পৰিণত হৈছে : জয়ৰাম ৰমেশ

ৰাজনৈতিক একনায়কত্ববাদ বাস্তৱলৈ পৰিণত হৈছে : জয়ৰাম ৰমেশ

ডিজিটেল ডেস্ক : কংগ্ৰেছী নেতা জয়ৰাম ৰমেশে সোমবাৰে অনুষ্ঠিত এক সংবাদ মেলত ভাৰতীয় জনতা পাৰ্টীক উদ্দেশ্যি প্ৰকাশ কৰে উদ্বেগ । বৰ্ষীয়ান নেতা গৰাকীৰ মন্তব্য অনুসৰি, ৰাজনৈতিক একনায়কত্ববাদ এতিয়া এক দু:স্বপ্ন নহয় বৰং বাস্তৱ । শাসনাধিষ্ঠ দল ভাৰতীয় জনতা পাৰ্টীৰ একনায়কত্ববাদী শাসনৰ বাবে এতিয়া দেশত প্ৰত্যক্ষ হৈছে বিভাজনৰ ।

উল্লেখ্য যে, কংগ্ৰেছৰ নেতা গৰাকীৰ ভাষ্য অনুসৰি দেশত বৰ্তমান তিনিটা মুখ্য সমস্যাই দেখা দিছে । এই কেইটা হ'ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দলৰ একনায়কত্ববাদী শাসন, দেশৰ অৰ্থনৈতিক দুৰৱস্থা আৰু ক্ৰমাৎ বৃদ্ধি পায় অহা ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য । এই তিনিটা সমস্যাৰ বাবেই বৰ্তমান দেশত ভাঙোনে দেখা দিয়া বুলিও জনায় নেতা গৰাকীয়ে ।

ইয়াৰ ওপৰিও বৰ্ষীয়ান নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত জনায় যে, ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজস্থানত সোমবাৰৰ পৰা আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in