১ অক্টোবৰত ৫-জি সেৱা উদ্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

১ অক্টোবৰত ৫-জি সেৱা উদ্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

ডিজিটেল ডেস্ক : অক্টোবৰৰ ১ তাৰিখৰ পৰা দেশত আৰম্ভ হ'ব ৫-জি সেৱা । যোৱা সোমবাৰে সফলতাৰে সমাপ্ত হোৱা ৫-জিৰ নিলামৰ পাছত চৰকাৰে লয় এই সিদ্ধান্ত । এই নিলামত অংশগ্ৰহণ কৰিছিল দেশৰ ৫টা মুখ্য প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ', ভাৰতী এয়াৰটেল, ভোডাফোন আইডিয়া আৰু আদানী ডাটা গ্ৰুপে । ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১.৫ ট্ৰিলিয়ন টকাৰে এই নিলামত জয়ী হয় ৰিলায়েন্স জিঅ' ।

এই সন্দৰ্ভত, কেন্দ্ৰীয় যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্য অনুসৰি ৫-জি সেৱাৰ ৭১ শতাংশ নিলামত বিক্ৰী কৰা হয় ৰিলায়েন্সক সৰ্বমুঠ ১,৫০,১৭৩ লাখ কোটি টকাত । ১০ আগষ্টত নিবিদাকাৰীক সকলো দ্বায়িত্ব অৰ্পণ কৰাৰ পাছত অক্টোবৰলৈ মুকলি কৰি দিয়া হ'ব সেৱা । সেই অনুসাৰে, অহা ১ অক্টোবৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব এই সেৱাৰ ।

ইয়াৰ উপৰিও, অশ্বিনী বৈষ্ণৱৰ ভাষ্য অনুসৰি এই ৫-জি সেৱাই উন্নত কৰিব দেশৰ টেলিকম সেৱাৰ মানদণ্ডৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in