/asomiyapratidin/media/media_files/2025/02/24/dh2HzrJAm3dD2MHzyyPk.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী এগৰাকীৰ ব্যস্তাতৰ সূচীখন যথেষ্ট দীঘলীয়া। এগৰাকী প্ৰধানমন্ত্ৰীৰ ওপৰত ন্যস্ত থাকে দেশৰ দায়িত্ব। নিৰ্দিষ্ট এখন ৰাজ্যক সন্তুষ্ট কৰাৰ বিপৰীতে তেওঁৰ কান্ধত থাকে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনতাক সন্তুষ্ট কৰাৰো দায়িত্ব।
সেয়ে তেওঁ এদিনত কেতিয়াবা কেইবাখনো ৰাজ্যৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হয়। তাৰেই উদাহণ আজি পুনৰ এবাৰ দাঙি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মধ্যপ্ৰদেশত ব্ৰেকাফাষ্ট কৰা মোডীয়ে বিহাৰত কৰিলে লান্স আৰু ডিনাৰ কৰিব অসমত।
এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকী আছে গুৱাহাটীত। ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কাইলৈ এডভাণ্টেজ আছাম ২.০ উদ্বোধন কৰিব। কিন্তু আজিৰ এই অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে তেওঁ আন দুখন ৰাজ্যত অংশ লৈছিল কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত।
আজি পুৱা মধ্যপ্ৰেদশত প্ৰথমে বিনিয়োগ সন্মিলন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তাতেই তেওঁ পুৱাৰ আহাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত বিহাৰত পিএম-কিষাণ আঁচনিৰ জৰিয়তে দেশৰ যোগ্য কৃষক হিতাধিকাৰীৰ মাজত বিতৰণ আঁচনিৰ ধন।
ভাৰ্ছুৱেলী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে দেশৰ ভিন্ন ৰাজ্যৰ কৃষকসকলে। তেওঁলোকৰ একাউণ্টত ডিবিটি যোগে চিধাই সোমাই আঁচনিৰ ধন। এই অনুষ্ঠানৰ সময়তে তেওঁ বিহাৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ আহে অসমলৈ।
বৰঝাৰ বিমান বন্দৰত তেওঁৰ বিমান অৱতৰণ কৰাৰ পাছতেই তেওঁ ৰোড শ্ব’ৰ জৰিয়তে বিমান বন্দৰৰ পৰা চিধাই যায় সৰুসজাই ষ্টেডিয়ামলৈ। তাত তেওঁ অংশগ্ৰহণ কৰে ঝুমইৰ বিনন্দিনী অনুষ্ঠানত। উপভোগ কৰে ৮,৮০০ শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা ঝুমইৰ নৃত্য।
এইদৰেই তেওঁ আজি দেশৰ দক্ষিণ প্ৰান্তৰ পৰা আহি উত্তৰ পূৱত যাত্ৰা সামৰিলে। কাইলৈ তেওঁ গুৱাহাটীত উদ্বোধন কৰি এডভাণ্টেজ আছাম ২.০ অনুষ্ঠান। এয়াই এগৰাকী প্ৰধানমন্ত্ৰীৰ ব্যস্ততাৰ সূচী। এনে সূতী অনুসৰণ কৰাটোৱেই তেওঁলোকৰ বাবেও এক প্ৰত্যাহ্বান।