ৱাকফ (সংশোধনী) আইনক 'ঐতিহাসিক' আখ্যা মোডীৰঃ কংগ্ৰেছক সমালোচনা

ৱাকফ (সংশোধনী) আইনক সামাজিক ন্যায়ৰ দিশত এক ডাঙৰ পদক্ষেপ আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ পুনৰ এই আইনখনৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিৰোধীক লক্ষ্য কৰি লয়।

author-image
Asomiya Pratidin
New Update
ৱাকফ সংশোধনী আইনক 'ঐতিহাসিক' আখ্যা মোডীৰঃ কংগ্ৰেছক সমালোচনা

ডিজিটেল ডেস্কঃ ৱাকফ (সংশোধনী) আইনক সামাজিক ন্যায়ৰ দিশত এক ডাঙৰ পদক্ষেপ আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ পুনৰ এই আইনখনৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিৰোধীক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী মোডীয়ে দাবী কৰে, এই আইনখন কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে এক উত্তৰ। 

Advertisment

মঙলবাৰে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, ৱাকফ (সংশোধনী) আইনৰ অধীনত দৰিদ্ৰ মুছলমান, মহিলা, শিশুৰ অধিকাৰ সুৰক্ষিত হব। তেওঁ বিৰোধীক লক্ষ্য কৰি লৈ কয়, তুষ্টিকৰণৰ ৰাজনীতি নতুন নহয়। এই তুষ্টিকৰণৰ বীজ স্বাধীনতাৰ সময়তে সিঁচা হৈছিল।

তেওঁ কয়, দুটা জাতিৰ তত্ত্ব সাধাৰণ মুছলমানৰ সিদ্ধান্ত নাছিল। কংগ্ৰেছে ক্ষমতা লাভ কৰিছিল তুষ্টিকৰণৰ ৰাজনীতিৰ জৰিয়তে। ইয়াৰ জৰিয়তে কিছুমান মৌলবাদী নেতাই ধন-সম্পত্তি অৰ্জন কৰিছে। কিন্তু প্ৰশ্ন হয় সাধাৰণ মুছলমানে কি পাইছে? দুখীয়া মুছলমানে কি পালে?

মোডীয়ে দাবী কৰিছে, ‘‘দুখীয়া মুছলমানসকল নিৰক্ষৰ হৈ পৰিছে, নিবনুৱা সমস্যা বৃদ্ধি পাইছে। শ্বাহ বানোৰ দৰে মুছলমান নাৰী অন্যায়ৰ বলি হৈছে। এই উৎকৃষ্ট আইন (ৱাকফ আইন) সমগ্ৰ সমাজৰ সুবিধাৰ্থে, মুছলমান সমাজৰ সুবিধাৰ্থে প্ৰণয়ন কৰাৰ বাবে দেশৰ সংসদক অভিনন্দন জনাইছো। এতিয়া ৱাকফৰ পবিত্ৰ আত্মা সুৰক্ষিত হ’ব। এই আইনখনৰ ফলত মুছলমানসকলৰ অধিকাৰো সুৰক্ষিত হ'ব’’।

উল্লেখ্য যোৱা বৃহস্পতিবাৰে লোকসভাত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হৈছিল। লোকসভাত ইয়াৰ সপক্ষে ২৮৮টা ভোট পৰে আৰু  ইয়াৰ বিৰুদ্ধে ২৩২ টা ভোট পৰে। আনহাতে প্ৰায় ১৩ ঘণ্টা ধৰি চলি থকা বিতৰ্কৰ অন্তত যোৱা শুকুৰবাৰে ৰাজ্যসভাতো ৱাকফ (সংশোধনী) বিধেয়কখন গৃহীত হয়।

ৰাজ্যসভাত  এই বিধেয়কৰ সপক্ষে ১২৮টা ভোট আৰু ইয়াৰ বিৰুদ্ধে ৯৫ টা ভোট পৰে। তাৰ কেইঘণ্টামানৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিধেয়কখনত স্বাক্ষৰ কৰি আইনৰ ৰূপ দিয়ে। অৱশ্যে বিৰোধীয়ে এই আইনখনক ‘মুছলমান বিৰোধী’ বুলি অভিযোগ উত্থাপন কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ৱাকফ আইনৰ সংশোধনীক ‘ঐতিহাসিক সংস্কাৰ’ আখ্যা দি এয়া সংখ্যালঘুৰ স্বাৰ্থত কৰা হৈছে বুলি দাবী কৰিছে। সংসদৰ দুয়োখন সদনত মুছলিম ৱাকফ (প্ৰত্যাহাৰ) বিধেয়কখনো গৃহীত হয়। ফলত ১৯২৩ চনৰ মুছলিম ৱাকফ আইন বাতিল কৰা হয়। 

আনহাতে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত একাধিক গোচৰ ৰুজু হৈছে। এই আইনৰ প্ৰতিবাদত সমগ্ৰ দেশতে ৰাজপথলৈ ওলাই আহিছে বহু মুছলমান লোক। এনে পৰিৱেশৰ মাজতেই মঙলবাৰৰ পৰা ৱাকফ (সংশোধনী) আইনো কাৰ্যকৰী কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৱাকফ সংশোধনী বিধেয়ক