/asomiyapratidin/media/media_files/2024/12/11/M9fhP1yGNixkr5bLEccv.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় চলচ্চিত্ৰ জগতৰ কিংবন্তি অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বিখ্যাত কাপুৰ পৰিয়ালে অনুষ্ঠিত কৰিছে এক বিশেষ অনুষ্ঠান। ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলৈ দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কাপুৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্মৰ সদস্যসকল উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কাপুৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে এই অনুষ্ঠান সম্পৰ্কে আলোচনাত বহে।
প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰা কাপুৰ পৰিয়ালৰ সদস্যসকলৰ ভিতৰত আছিল প্ৰয়াত ঋষি কাপুৰৰ পত্নী তথা অভিনেত্ৰী নীতু কাপুৰ তেওঁৰ পুত্ৰ ৰণবীৰ কাপুৰ, ৰণবীৰৰ অভিনেত্ৰী পত্নী আলিয়া ভাট, কৰীনা কাপুৰ খান, তেওঁৰ স্বামী ছৈইফ আলী খান, কৰিশ্মা কাপুৰ, ঋষি কাপুৰৰ জীয়ৰী ৰিদ্ধিমা কাপুৰ সাহনীৰ লগতে আত্মীয় ভাৰত সাহনী, ৰীমা জৈন, মনোজ জৈন, আদৰ জৈন, আৰমান জৈন আৰু তেওঁৰ পত্নী অনিছা মালহোত্ৰা।
প্ৰধানমন্ত্ৰী মোডীক সাক্ষাতৰ পাছতে কাপুৰ পৰিয়ালৰ সদস্যসকলে এই কথা সামাজিক মাধ্যমৰ জৰিয়তে দেশবাসীক অৱগত কৰিছে। তেওঁলোকে মোডীক আমন্ত্ৰণ জনোৱাৰ কেইবাখনো ফটো, মোডীৰ অটোগ্ৰাফ আদিৰো ফটো সামাজিক মাধ্যমত আপলোড কৰিছে।
উল্লেখ্য যে, ভাৰতীয় ছবি জগতৰ কিংবদন্তি ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তী কাপুৰ পৰিয়ালে ‘ৰাজ কাপুৰ-১০০ চলচ্চিত্ৰ মহোৎসৱ’ নামেৰে উদযাপিত কৰিবলৈ সাজু হৈছে। সেই অনুসৰি ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দেশৰ মুঠ ৪০ খন চহৰত ১৩৫ টাত ছবিগৃহত ৰাজ কাপুৰৰ দ্বাৰা অভিনীত আৰু পৰিচালিত জনপ্ৰিয় ছবিসমূহ প্ৰদৰ্শন কৰা হ’ব।
তাৰ মাজতে ১৪ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব মূল অনুষ্ঠান। এই অনুষ্ঠানতে বলিউড পৰিয়ালৰ প্ৰায়সমূহ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়েও অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ পাইছে।