দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰবলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডীঃ আহিব পাৰে ভাল খবৰ

মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱলৈ ৰাওনা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোডীৰ এই ভ্ৰমণ কূটনৈতিক কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰবলৈ ৰাাওনা প্ৰধানমন্ত্ৰী মোডীঃ আহিব পাৰে ভাল খবৰ

ডিজিটেল ডেস্কঃ মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱলৈ ৰাওনা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোডীৰ এই ভ্ৰমণ কূটনৈতিক কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 

Advertisment

মঙলবাৰে পুৱাই নতুন দিল্লীৰ পৰা ৰাওনা হোৱা প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণক লৈ ইতিমধ্যে কূটনৈতিক মহলত নানান চৰ্চা আৰম্ভ হৈছে। কাৰণ ছৌদিৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ সৈতে মোডীয়ে এক দ্বিপাক্ষীক বৈঠকতো বহিব। এই বৈঠকত আলোচনা হ’ব প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, ইন্ধন আৰু জনসংযোগ আদি বিষয়ে। 

মঙলবাৰে ছৌদিলৈ ভ্ৰমণ কৰাৰ পূৰ্বে মোডীয়ে কয়, আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু স্থিতিশীলতা বৃদ্ধিৰ বাবে এই দুয়োখন দেশ বদ্ধপৰিকৰ। ভাৰতে ছৌদি আৰৱৰ সৈতে থকা ঐতিহাসিক সম্পৰ্কক সন্মান কৰে। তাৰোপৰি সাম্প্ৰতিক বছৰসমূহত আমাৰ কূটনৈতিক সম্পৰ্কই আৰু গভীৰতালৈ গতি কৰিছে।

ছৌদি আৰবৰ প্ৰধানমন্ত্ৰী তথা সেই দেশৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত সেই দেশলৈ গৈছে প্ৰধানমন্ত্ৰী মোডী। মোডীয়ে প্ৰকাশ কৰা মতে উভয় দেশেই প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি জনসংযোগলৈকে সকলো ক্ষেত্ৰতেই পাৰস্পৰিক সহযোগিতা প্ৰদানৰ বাবে বদ্ধপৰিকৰ। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ছৌদি আৰৱত বাস কৰা ভাৰতীয়সকলকো এই দুই দেশৰ মাজৰ জীৱন্ত সেতু আখ্যা দিছে।  

উল্লেখ্য যে, অপৰিশোধিত তেল আৰু তৈল শোধনাগাৰত বিনিয়োগৰ বিষয়ে দুয়োখন দেশ মোডীৰ ভ্ৰমণৰ পিছত এই দুয়োখন দেশ কিমান আগবাঢ়ি যাব পাৰে সেয়াও এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে। ভাৰতত সৰ্বাধিক অশোধিত তেল ৰপ্তানিকাৰী দেশসমূহৰ ভিতৰত এখন হৈছে ছৌদি আৰব। 

মোডীৰ শাসনত ছৌদি আৰব তথা পশ্চিম এছিয়াৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক অধিক সুদৃঢ় হৈছে বুলি "ছাউথ ব্লক"এ দাবী কৰি আহিছে। মোডীৰ এই ভ্ৰমণৰ সময়ত ৰিয়াধে ভাৰতলৈ তেল ৰপ্তানিত কিছু ৰেহাই দিয়াৰ কথা ঘোষণা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। 

কিয়নো ৰিয়াধো এক প্ৰকাৰৰ আৰ্থিক চাপত আছে। ৰিয়াধৰ লক্ষ্য হৈছে ভাৰতলৈ তেল ৰপ্তানি কৰি ভাৰতৰ ৰপ্তানিৰ বজাৰখনৰ সিংহভাগ নিজৰ দখললৈ নিয়া। বিশেষজ্ঞসকলৰ মতে, চীনৰ অৰ্থনৈতিক মন্দা আৰু বৈদ্যুতিন বাহন (EV)-ৰ প্ৰচলনৰ ফলত ছৌদি আৰবৰ তেল ৰপ্তানি প্ৰভাৱিত হৈছে। 

চীনৰ বজাৰৰ ক্ষতি পূৰণ কৰিবলৈ ভাৰতক বিকল্প হিচাপে বিবেচনা কৰিছে ৰিয়াধে। সেয়ে পূব আৰু পশ্চিম ভাৰতৰ তিনিখন তৈল শোধনাগাৰত বিনিয়োগ কৰিব ছৌদি আৰবে।

ভাৰতে ছৌদি আৰবৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী আমদানী কৰে।  ২০২৩-২৪ চনত ছৌদি আৰবৰ পৰা ভাৰতৰ সামগ্ৰীৰ আমদানী আগৰ তুলনাত উল্লেখযোগ্যভাৱে ২৪.৩ শতাংশ হ্ৰাস পাইছে। এই হ্ৰাসৰ কাৰণ মূলত খনিজ আৰু তৈল আমদানী কমি যোৱাৰ বাবে। 

বিশেষজ্ঞৰ মতে, ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ পিছত পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে ৰাছিয়াই বহু সস্তাত অশোধিত তেল যোগান ধৰাৰ ফলত ভাৰতে সেই সুযোগ গ্ৰহণ কৰে। ভাৰতৰ বাবে ৰাছিয়া হৈ পৰে সৰ্ববৃহৎ তেল যোগানকাৰী। এই ক্ষেত্ৰত ৰাছিয়াই অতিক্ৰম কৰে  ইৰাক আৰু ছৌদি আৰবক। 

 

নৰেন্দ্ৰ মোডী