দেশক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ সময়ঃ মোডী

দেশক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ সময়ঃ মোডী

author-image
Asomiya Pratidin
New Update
দেশক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ সময়ঃ মোডী

সনাতনক ধ্বংস কৰি বিৰোধীয়ে পুনৰ দেশক দাসত্বলৈ ঠেলি দিব বিচাৰেঃ মোডী

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে সোমবাৰে উত্তৰ প্ৰদেশৰ অন্তৰ্গত অলিগড়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাইজক উদ্দেশ্যি ভাষণ প্ৰসংগত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মোডীয়ে। তেওঁ কয় যে,"এয়া দেশক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ সময়।দেশতকৈ ডাঙৰ একো নহয়,সেয়ে ভোটধিকাৰ সাব্যস্ত কৰক।"

Advertisment

ৰেলীত মোডী চৰকাৰৰ কৰ্মৰাজীৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে,"মোডীৰ ৰাজত্বই বোমা বিস্ফোৰণৰ আতংক নিঃশেষ কৰিছে। পূৰ্বতে জম্মুত বিচ্ছিন্নতাবাদীয়ে ৰাজত্ব কৰিছিল,অবাঞ্চিত বস্তুৰ পৰা আঁতৰি থাকিবলৈ বিজ্ঞাপন দিয়া হৈছিল,প্ৰায়ে বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছিল যদিও ক্ৰমাৎ এনে অপৰাধসমূহ কমি আহিছে। এয়া দুৰ্নীতিৰ পৰা মুক্ত হোৱাৰ নিৰ্বাচন। গতিকে ভোট দিয়ক কাৰণ আপোনাৰ প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ। এতিয়া দেশখন সম্পূৰ্ণৰূপে দুৰ্নীতিৰ পৰা মুক্ত হ’ব লাগিব।"

"অলিগড়ৰ ৰাইজে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক,ভ্ৰষ্টাচাৰৰ উদ্যোগত এনেদৰে তলা লগাইছে যে দুই ৰাজকুমাৰ (ৰাহুল আৰু অখিলেশে) আজি পৰ্যন্ত ইয়াৰ চাবিকাঠি বিছাৰি পোৱা নাই। বিকশিত ভাৰতৰ চাবিকাঠি বৰ্তমান ৰাইজৰ হাতত" বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Also Read: নগাঁৱত হনুমান জন্মোৎসৱ সমাৰোহ......

pm modi aligarh BJP campaign pm narendra modi LOKSABHA 2024