Advertisment

নৰেন্দ্ৰ মোডীয়ে ক'লেঃ চীনা দাৰ্শনিক হিউৱেন চাং বাস কৰিছিল মোৰ গাঁৱত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জিৰোধাৰ সহ প্ৰতিষ্ঠাপক নিখিল কামাথৰ এক পডকাষ্টত তেওঁৰ শৈশৱৰ পৰা ৰাজনৈতিক যাত্ৰালৈকে বহু কাহিনী প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নৰেন্দ্ৰ মোডীয়ে ক'লেঃ চীনা দাৰ্শনিক হিউৱেন চাঙে বাস কৰিছিল মোৰ গাঁৱত

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জিৰোধাৰ সহ প্ৰতিষ্ঠাপক নিখিল কামাথৰ এক পডকাষ্টত তেওঁৰ শৈশৱৰ পৰা ৰাজনৈতিক যাত্ৰালৈকে বহু কাহিনী প্ৰকাশ কৰিছে। নিখিল কামাথৰ ইউটিউব চেনেল People by WTF ত হোৱা বাৰ্তালাপৰ সময়ত মোডীয়ে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে এক বিশেষ সম্পৰ্কৰ কথা উল্লেখ কৰিছে।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, চীনা দাৰ্শনিক হিউৱেন চাঙে এসময়ত গুজৰাটৰ তেওঁৰ গাঁৱত বাস কৰিছিল। হিউয়েন চাঙে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ গাঁৱতো কিছু সময়ৰ বাবে বাস কৰিছিল। 

সেয়ে মোডীয়ে তেওঁৰ সৈতে  চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বিশেষ সম্পৰ্ক বিচাৰি পাইছে। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ২০১৪ চনত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ভাৰত ভ্ৰমণৰ কথা কৈছিল।

তেওঁ কয়, যেতিয়া মই ২০১৪ চনত প্ৰধানমন্ত্ৰী হৈছিলো, বিশ্বৰ নেতাসকলৰ সহাৰি পাইছিলো। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে এটা সৌজন্যমূলকভাৱে ফোন কৰিছিল। তেওঁ মোক শুভকামনা জনাইছিল। জিনপিঙে নিজেই কৈছিল যে তেওঁ ভাৰতলৈ আহিব বিচাৰে। ময়ো তেওঁক এবাৰতেই ভাৰতলৈ আমন্ত্ৰণ জনালো। কলো আপুনি আহবই লাগিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, "মই কৰবাত পঢ়িছিলো চীনা দাৰ্শনিক হিউয়েন চাং মোৰ গাঁৱত বাস কৰিছিল। এবাৰ, এজন চলচ্চিত্ৰ নিৰ্মাতাই তেওঁৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছিল। তেতিয়াই মই চীনা দূতাবাসলৈ এখন চিঠি লিখি হিউৱেন চাঙে মোৰ গাঁৱত বাস কৰাৰ কথা উল্লেখ কৰিছিলো। এই বিষয়টো চলচ্চিত্ৰখনত উল্লেখ কৰা উচিত বুলিও কৈছিলো।

মোডীয়ে ৰছিক ভাই নামৰ এজন ব্যক্তিৰ কথাও এই পডকাষ্টত উল্লেখ কৰিছে। তেওঁ কয়, ৰছিক ভায়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক কৈছিল যে যদি শিলৰ ওপৰত কিবা লিখি থোৱা বা কিবা খোদিত কৰা দেখা তেন্তে সেইবোৰ সংগ্ৰহ কৰিবা। তেতিয়া মই বুজি পাইছিলো তেওঁ ক'ব বিচাৰিছিল যে এইখন এখন প্ৰাচীন গাওঁ। ইয়াত প্ৰতিটো শিলত একো একোটা কাহিনী আছে।

উল্লেখ্য যে, এই পডকাষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে বহু কথাই তেওঁৰ শৈশৱ, কৈশোৰ আৰু ৰাজনীতিৰ বহু কথাই উল্লেখ কৰিছে। যিবোৰ এতিয়া চৰ্চাৰ মাজলৈ আহিছে। মোডীয়ে প্ৰথমবাৰৰ বাবে এইদৰে পডকাষ্টত অংশগ্ৰহণ কৰিছে।  

চীন গুজৰাট নৰেন্দ্ৰ মোডী