Super Cabinet: মোডীৰ অধ্যক্ষতাত দিল্লীত 'ছুপাৰ কেবিনেট'ৰ বৈঠক...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হয় কেন্দ্ৰীয় 'ছুপাৰ কেবিনেট' বৈঠক। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এসপ্তাৰ পাছত অনুষ্ঠিত এই বৈঠক গুৰুত্বপূৰ্ণ।

author-image
Tushar Pratim
New Update
Super Cabinet: মোডীৰ অধ্যক্ষতাত দিল্লীত 'ছুপাৰ কেবিনেট'ৰ বৈঠক...

ডিজিটেল ডেস্কঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হয় কেন্দ্ৰীয় 'ছুপাৰ কেবিনেট' বৈঠক। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ এসপ্তাৰ পাছত অনুষ্ঠিত হোৱা এই 'ছুপাৰ কেবিনেট' বৈঠক আছিল অতি গুৰুত্বপূৰ্ণ।

Advertisment

মঙলবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পেহেলগাম আক্ৰমণৰ ঘটনাক লৈ অতি সক্ৰিয় হৈ পৰা দেশা গৈছে। মঙলবাৰে সেনা বাহিনীৰ মুৰব্বী, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপদেষ্টা আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰে বৈঠকৰ পাছত আজি মোডীয়ে প্রথমে নিৰাপত্তা সম্পর্কীয় কেবিনেট কমিটীৰ এখন বৈঠকত অধ্যক্ষতা কৰে।

পাছত ৰাজনৈতিক পৰিক্রমা সম্পর্কীয় কেবিনেট কমিটীৰ বৈঠকত সভাপতিত্ব কৰে৷ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী, আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰে গঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হৈছিল যদিও আজিৰ এই দ্বিতীয়খন কেবিনেট বৈঠকে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

ৰাজনৈতিক বিষয়ৰ কেবিনেট কমিটীক ‘ছুপাৰ কেবিনেট’ বুলি জনা যায়। কাৰণ ইয়াত কেন্দ্ৰীয় কেবিনেটৰ শীৰ্ষ মন্ত্ৰীসকল উপস্থিত থাকে। পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২০১৯ চনত শেষবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাতত এই বৈঠকত বহিছিল। তাৰ পাছতেই বালাকোটত সন্ত্ৰাসবাদীক শিক্ষা দিছিল ভাৰতীয় সেনাই।

স্মৰ্তব্য, ৰাজনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ বৰ্তমানৰ সদস্যসকলৰ ভিতৰত অধ্যক্ষ হিচাপে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সদ্যসকলৰ ভিতৰত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আদি।

 

পেহেলগাম নৰেন্দ্ৰ মোডী