/asomiyapratidin/media/media_files/2025/02/14/2h69uiDQcAcCRvh1e1tn.jpg)
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিমানবন্দৰত ৰাজকীয় আদৰণি জনোৱা হয়। তাৰ পাছতে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে।
উল্লেখ্যযোগ্য যে, দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ উভতি অহাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ স’তে ট্ৰাম্পৰ এইখন প্ৰথম বৈঠক। উক্ত বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মূলমন্ত্ৰ 'এমএজিএ -মেক আমেৰিকা গ্ৰেট এগেইন'ৰ বিষয়ে আমেৰিকাৰ জনসাধাৰণ ভালদৰে অৱগত।
যিহেতু ভাৰত দ্ৰুত গতিত আগবাঢ়িছে সেয়ে দেশবাসীয়েও ঐতিহ্য আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশত দৃঢ় সংকল্প লৈছে।
আমেৰিকাৰ ভাষাত এমআইজিএ হৈছে মেক ইণ্ডিয়া গ্ৰেট এগেইন। যেতিয়া আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰে এই এমএজিএ আৰু এমআইজিএ যোগ হৈ 'সমৃদ্ধিৰ বাবে এক বৃহৎ অংশীদাৰিত্ব' হৈ পৰে আৰু এই বৃহৎ মনোভাৱে আমাৰ উদ্দেশ্যবোৰক সুযোগ প্ৰদান কৰিব।
ইয়াৰোপৰি ২০৩০ চনৰ ভিতৰত ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্যৰ বাবে ৫০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও দুয়োগৰাকী নেতাই ঘোষণা কৰে। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ আমি তেল আৰু গেছৰ বাণিজ্য শক্তিশালী কৰিম। শক্তিৰ আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি পাব।