/asomiyapratidin/media/media_files/2025/03/31/BRUiX33ExcZNXWYN7W43.png)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী পদৰ পৰা চলিত বছৰতেই পদত্যাগ কৰিব নেকি নৰেন্দ্ৰ মোডী? এই প্ৰশ্ন পুনৰ এবাৰ চৰ্চাৰ মাজলৈ আহিছে। আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত মোহন ভগৱতক প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাত কৰাৰ পাছতে শিৱ সেনা (উদ্ধৱ)ৰ সাংসদ সঞ্জয় ৰাউটে এই দাবী কৰিছে।
তেওঁ দাবী কৰিছে, যোৱা ১০-১১ বছৰত প্ৰধানমন্ত্ৰীয়ে এবাৰো আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ যোৱা নাই। হঠাৎ তেওঁ এইদৰে ভ্ৰমণলৈ আহি মোহন ভগৱতক সাক্ষাৎ কৰি টা টা, বাই বাই কৈ গ’লহি।
সোমবাৰে মুম্বাইত সংবাদ মাধ্যমৰ আগত সঞ্জয় ৰাউটে কয়, হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ অৱসৰৰ আবেদনপত্ৰ লিখিবলৈ আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল। আমি এইটো ভালকৈ বুজি পাইছো যে, গোটেই সংঘ পৰিয়ালে বিচাৰিছে দেশৰ নেতৃত্ব বদলি হওঁক। প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোডীৰ সময় শেষ হৈছে। আৰ এছ এছেও প্ৰধানমন্ত্ৰী পদত পৰিবৰ্তন বিচাৰিছে, সেয়ে মোডীক তলব কৰিছে মোহন ভগৱতে।
সঞ্জয় ৰাউটে দাবী কৰিছে বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত কৰিব আৰ এছ এছে। কেৱল সেয়াই নহয়, সঞ্জয় ৰাউটে আৰু জনাই নৰেন্দ্ৰ মোডীৰ উত্তৰাধিকাৰ মহাৰাষ্ট্ৰৰ পৰাই নিৰ্বাচিত কৰিব আৰ এছ এছে। কিন্তু আৰ এছ এছে মহাৰাষ্ট্ৰৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰিব সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই।
মন কৰিবলগীয়া যে, বিজেপি দলৰ বৰ্তমানৰ নেতৃত্বই চৰকাৰত থকাৰ সময়ত মন্ত্ৰীত্বৰ ক্ষেত্ৰত ৭৫ বছৰ সীমা নিৰ্ধাৰণ কৰি দিছিল। এই নিয়মৰ আধাৰতে তেওঁলোকে মুৰুলীমোহন জোশী, এল কে আদৱানী, উমা ভাৰতী আদিৰ দৰে নেতাক চৰকাৰৰ পৰা আঁতৰাই ৰাখিছিল।
অহা ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৭৫ বছৰ সম্পূৰ্ণ কৰিব। সেয়ে তেওঁৰ প্ৰধানমন্ত্ৰীত্বক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। বিৰোধীয়ে বিজেপিৰ সেই ৭৫ বছৰত অৱসৰৰ নীতিৰ কথা উল্লেখ কৰি মোডীয়ে পদত্যাগ কৰিব নে নাই বুলি প্ৰশ্ন উত্থাপন কৰি আহিছে।
ইফালে সঞ্জয় ৰাউটে মোডীৰ উত্তৰাধিকাৰ মহাৰাষ্ট্ৰৰ পৰাই নিৰ্বাচিত হ'ব বুলি যি এক মন্তব্য কৰিছে সেই মন্তব্যত তেওঁ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ ফালেই ইংগিত দিছে বুলি ধাৰণা কৰা হৈছে। একালৰ আৰ এছ এছৰ এই নেতাগৰাকী বিজেপিৰ প্ৰাক্তন সভাপতিও।
বৰ্তমান বিজেপিত বহু নেতা থাকিলেও নীতিন গাডকাৰীৰ দৰে সৰ্বগ্ৰহণযোগ্য নেতাৰ অভাৱ স্পষ্ট। অতি ভদ্ৰ নেতা হিচাপেই পৰিচিত গাডকাৰী আৰ এছ এছৰো অতি কাষৰ মানুহ। আনকি বিৰোধীয়েও গাডকাৰীক সমীহ কৰি চলাৰ উদাহৰণ আছে। বাজেপেয়ীৰ আদৰ্শক কঢ়িয়াই ফুৰা বিজেপিৰ নাম মাত্ৰ কেইজনমান নেতাৰ ভিতৰত অন্যতম গাডকাৰী।
অৱশ্যে সঞ্জয় ৰাউটৰ এনে মন্তব্যৰ বিপৰীতে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বই এয়া সম্পূৰ্ণ ভুৱা প্ৰচাৰ আখ্যা দিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ৰাউটৰ দাবীক খণ্ডন কৰি কয়, সঞ্জয় ৰাউটে যি দাবী কৰিছে সেয়া বিন্দুমাত্ৰও সত্য নহয়। আগন্তুক আৰু বহু বছৰলৈ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থাকিব নৰেন্দ্ৰ মোডী। ২০২৯ ৰ চনৰ নিৰ্বাচনৰ পাছত পুনৰ নৰেন্দ্ৰ মোডীয়েই হব দেশৰ প্ৰধানমন্ত্ৰী। তেওঁৰ উত্তৰাধিকাৰীৰ সন্ধান কৰাৰ কোনো প্ৰয়োজন নাই। মোডী আমাৰ প্ৰধানমন্ত্ৰী হৈ আছে আৰু ভৱিষ্যতেও থাকিব।
তাৰোপৰি ফাডনাভিছে মোগল সংস্কৃতিৰ অতীত টানি আনি কয়, আমাৰ সংস্কৃতিত পিতা জীৱিত থকা অৱস্থাত উত্তৰাধিকাৰী সন্দৰ্ভত কথা কোৱাও অনুচিত। তেওঁ (সঞ্জয় ৰাউট) যি সংস্কৃতিৰ কথা কৈছে সেয়া মোগল সংস্কৃতি। য’ত দেউতাক জীয়াই থকাৰ অৱস্থাত পুতেক ক্ষমতালৈ আহে। এয়া আমাৰ সংস্কৃতি নহয়।
উল্লেখ্য যে, দেওবাৰে নাগপুৰস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ হৈছিল প্ৰধানমন্ত্ৰী। ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ২০০০ চনত তেওঁ এবাৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ গৈছিল। তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে এই কাৰ্যালয় ভ্ৰমণ কৰি দেশৰ ইতিহাসৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিপাচে পৰিগণিত হৈছে যি নিজৰ কাৰ্যকালত আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছে।