/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8d77b11f-5da8-44d0-b630-d8d1d542b2c8/340.jpg)
ডিজিটেল ডেস্ক : দেৱভূমি দ্বাৰকাত প্ৰধানমন্ত্ৰী মোডীয়ে আজি উদ্বোধন কৰিব দেশৰ দীৰ্ঘতম কেবল দলং 'সুদৰ্শন সেতু।' শনিবাৰেতে দুদিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য গুজৰাটত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
ৰাজ্যখনৰ জামনগৰত উপস্থিত হৈয়ে তেওঁ অংশ লয় এক মেগা ৰোড শ্ব'ত। দুদিনীয়া ভ্ৰমণসূচী অনুসৰি দেওবাৰে তেওঁ দ্বাৰকা আৰু ৰাজকোট জিলাত দুটাকৈ কাৰ্যসূচীত ভাগ ল'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/adca820c-a6e1-4314-b64a-a1ea6a959cfd/428630785_1175104223983808_2442354743419739905_n.jpg)
এই কাৰ্যসূচীমতে দেৱভূমি দ্বাৰকাত প্ৰধানমন্ত্ৰী মোডীয়ে আৰৱ সাগৰত দেশৰ দীৰ্ঘতম কেবল দলং 'সুদৰ্শন সেতু' ৰাষ্ট্ৰক উদ্দেশ্যি অৰ্পণ কৰিব। এই দলঙখনৰ দৈৰ্ঘ্য ২.৫ কিলোমিটাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8ac994de-833c-4fd2-9120-0aee69af7b61/429683390_1175104257317138_5467835945012469289_n.jpg)
দলঙখনৰ জৰিয়তে দ্বাৰকাধীশ মন্দিৰ দৰ্শন কৰা তীৰ্থযাত্ৰীসকলৰ সমান্তৰালকৈ স্থানীয় লোক আৰু পৰ্যটকৰ বাবে যথেষ্ট সকাহ হ'ব। আনহাতে দীৰ্ঘতম দলঙখনৰ নিৰ্মাণত ব্যয় হৈছে প্ৰায় ৯৮০ কোটি টকা।
Also Read: সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰাতঃস্মৰণীয় 'হেমকোষপ্ৰাণ' দেৱানন্দ বৰুৱাৰ আজি দ্বাদশ মৃত্যু তিথি