/asomiyapratidin/media/media_files/2025/04/01/oTngz8vRSNE1c62EQkQr.jpg)
ডিজিটেল ডেস্কঃ আৰ এছ এছৰৰ নাগপুৰৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৱসৰৰ বিষয়টোক লৈ নানান জল্পনা কল্পনা চলিছে। অহা ছেপ্টেম্বৰত ৭৫ বছৰ সম্পূৰ্ণ কৰিব নৰেন্দ্ৰ মোডীয়ে।
বিজেপিৰ এতিয়াৰ কেন্দ্ৰীয় নেতৃত্বই পদবীৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়া ৭৫ বছৰীয়া নিয়ম অনুসৰিয়েই প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰত অৱসৰ লব বুলি এক চৰ্চা আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ শিৱসেনা (উদ্ধৱ)ৰ সাংসদ সঞ্জয় ৰাউটে সোমবাৰে মোডীৰ অৱসৰৰ সন্দৰ্ভত মন্তব্য কৰি কৈছিল, তেওঁ অৱসৰৰ আবেদন জনাবলৈ নাগপুৰ ভ্ৰমণ কৰিছে।
তাৰোপৰি ৰাউটে এই দাবীও কৰিছিল যে মোডীৰ উত্তৰসুৰী মহাৰাষ্ট্ৰৰ পৰাই নিৰ্বাচিত কৰিব আৰ এছ এছে। স্পষ্টকৈ নকলেও তেওঁ এই ইংগিত নীতিন গাডকাৰীৰ ফালেই দিছিল যদিও আজি লক্ষ্যণীয়ভাৱে প্ৰধানমন্ত্ৰীৰ উত্তৰসুৰী হিচাপে দেশজুৰি চৰ্চালৈ আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নাম।
পূৰ্বেও তেওঁক দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ বুলি একাধিক বাতৰি প্ৰকাশ পাই আহিছিল যদিও সোমবাৰে নীতিন গাডকাৰীৰ নাম চৰ্চালৈ অহাৰ পাছত তাৎক্ষণিকভাৱে দেশৰ একাধিক সংবাদ মাধ্যম যোগী আদিত্য নাথক লৈ ব্যস্ত হৈ পৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
মোডীৰ উত্তৰাধিকাৰী সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্য নাথাও আজি মুখ খুলিছে। তেওঁক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে, দলে যি দায়িত্ব দিব সেই দায়িত্বই তেওঁ পালন কৰিবলৈ সাজু। সাংবাদিকে আদিত্য নাথক প্ৰশ্ন কৰিছিল, যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৱসৰ গ্ৰহণ কৰে তেন্তে তেওঁৰ সম্ভাব্য উত্তৰসুৰী আপুনি নেকি?
এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, কোনো পদবীৰ প্ৰতি তেওঁৰ মোহ নাই। দলে যি দায়িত্ব দিব সেই দায়িত্ব পালন কৰাতো আপত্তি নাই তেওঁৰ। তেওঁ আৰু কয়, মই এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ সেৱাৰ কৰাৰ বাবে দলে আমাক দায়িত্ব দিছে। তাৰ বাদে ৰাজনীতি মোৰ ‘ফুল টাইম’ কাম নহয়। প্ৰকৃততে মই এগৰাকী যোগী। যিমান দিন ইয়াত আছো কাম কৰি যাম। কিন্তু তাৰো এটা সময়সীমা আছে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে আদিত্য নাথ আছিল ৰাজ্যখনৰ গোৰক্ষপুৰৰ মঠৰ প্ৰধান পদবীত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হোৱাৰ পাছতো তেওঁ এই মঠৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে।
শেহতীয়াকৈ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহা কুম্ভ মেলাৰ পাছতে দেশজুৰি পুনৰ জনপ্ৰিয় হৈ পৰিছে আদিত্য নাথ। তেওঁৰ সেই জনপ্ৰিয়তাৰ বাবেই বহুতেই তেওঁক মোডীক উত্তৰসুৰী বুলি দাবী কৰি আহিছে। তাৰোপৰি অতি হিন্দুত্ববাদী চৰিত্ৰৰ আদিত্যনাথ আৰ এছ এছৰো ভিতৰৰ মানুহ।
কিন্তু লক্ষ্যণীয় ভাৱে কেন্দ্ৰীয় নেতৃত্বতে যোগীৰ শেহতীয়াকৈ দূৰত্ব বৃদ্ধি পোৱাৰো একাধিক প্ৰতিবেদন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল। তাৰোপৰি দলত অটল বিহাৰী বাজপেয়ীৰ দিনৰ কেইবাজনো মূল্যবোধ সম্পন্ন নেতা এতিয়াও আছে। যাৰ আছে সৰ্বগ্ৰহণযোগ্যতা। সেয়ে যোগীক বহুতেই প্ৰধানমন্ত্ৰীৰ পদৰ দাবীদাৰ বুলি মানিব নিবিচাৰে।
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীও এনে এজন নেতা যাৰ আছে ৰাজনৈতিক মূল্যবোধ। ভদ্ৰ আৰু নম্ৰ গাডকাৰী বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু আৰ এছ এছৰ সৈতেও সম্পৰ্কিত। তেওঁক বিৰোধীয়েও সমীহ কৰি চলে।
সেয়ে নীতিন গাডকাৰীৰ নাম চৰ্চালৈ অহাৰ সময়তে এইদৰে আদিত্যনাথৰ নামো সমানেই চৰ্চালৈ টানি অনা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ বিজেপিৰ ৭৫ বছৰত অৱসৰৰ নীতিক নৰেন্দ্ৰ মোডীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি মন্তব্য কৰিছে।