Advertisment

সন্দেশখালীৰ নিৰ্যাতিত মহিলাক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

পশ্চিমবংগৰ সন্দেশখালীৰ নিলম্বিত তৃণমূল কংগ্ৰেছ নেতা শ্বেখ শ্বাহজাহানে যৌন নিৰ্যাতন চলোৱা ভোক্তভোগী মহিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে।

author-image
Asomiya Pratidin
New Update
সন্দেশখালীৰ নিৰ্যাতিত মহিলাক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ সন্দেশখালীৰ নিলম্বিত তৃণমূল কংগ্ৰেছ নেতা শ্বেখ শ্বাহজাহানে যৌন নিৰ্যাতন চলোৱা ভোক্তভোগী মহিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে। তেওঁলোকৰ অৱস্থাৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে মহিলাসকল। উত্তৰ ২৪ পৰগনা জিলাৰ বৰাছাটত ৰাজহুৱা সমাৱেশৰ অন্তত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সাক্ষাৎ কৰে।

Advertisment

উল্লেখযোগ্য যে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনাৰ সন্দেশখালী গাঁৱৰ কেইবাগৰাকীও মহিলাই স্থানীয় তৃণমূল কংগ্ৰেছৰ নেতা শ্বেখ শ্বাহজাহান আৰু তেওঁৰ সহায়কসকলে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। শ্বেইখ ছাহজাহানৰ দ্বাৰা শাৰীৰিক আতিশয্যৰ বলি হৈছিল মহিলা কেইবাগৰাকী ।

‘ভাই’ নামেৰেও পৰিচিত টিএমচিৰ ৪০ বছৰীয়া নেতাগৰাকীক বিগত সপ্তাহত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পিছতেই শ্বাহজাহানক টিএমচিয়ে ৬বছৰৰ বাবে নিলম্বন কৰে। গাঁওবাসীয়ে শ্বাহজাহান আৰু তেওঁৰ সহযোগীসকলে ভূমি দখল কৰাৰ অভিযোগো উত্থাপন কৰিছে।

Also Read: ১১ টা মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক শশীকান্ত দাসৰ

narendramodi tmc