দিল্লীত স্বাভিমান এপাৰ্টমেণ্টৰ ফ্লেট বিতৰণ প্ৰধানমন্ত্ৰী মোডীৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দিল্লীৰ জেজে ক্লাষ্টাৰৰ বাসিন্দাসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ১,৬৭৫ টা ফ্লেট উদ্বোধন কৰাৰ লগতে দিল্লীৰ অশোক বিহাৰত স্বাভিমান এপাৰ্টমেণ্টৰ হিতাধিকাৰীসকলৰ হাতত ফ্লেটৰ চাবিসমূহ তুলি দিয়ে।

author-image
Asomiya Pratidin
New Update
দিল্লীত স্বাভিমান এপাৰ্টমেণ্টৰ ফ্লেট বিতৰণ প্ৰধানমন্ত্ৰী মোডীৰ...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দিল্লীৰ জেজে ক্লাষ্টাৰৰ বাসিন্দাসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ১,৬৭৫ টা ফ্লেট উদ্বোধন কৰাৰ লগতে দিল্লীৰ অশোক বিহাৰত স্বাভিমান এপাৰ্টমেণ্টৰ হিতাধিকাৰীসকলৰ হাতত ফ্লেটৰ চাবিসমূহ তুলি দিয়ে।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাভিমান এপাৰ্টমেণ্টৰ ফ্লেট লাভ কৰা হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰে এগৰাকী হিতাধিকাৰীৰ উদ্ধৃতিৰে বিজেপিয়ে তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলত লিখিছে- "মোডীজীয়ে তেওঁ যি কয় সেয়া কৰে... মোডীজীয়ে 'জাহান ঝুগি ৱাহিন মাকান' প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল!"

ইয়াৰ পূৰ্বে এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "এটা ঘৰ হৈছে য'ত সপোনবোৰে শিপা মেলে। আমি প্ৰতিজন ভাৰতীয়ৰ বাবে সঠিক আৱাস নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আজিৰ কাৰ্যসূচীত ইন-চিটু বস্তি পুনৰ্সংস্থাপন প্ৰকল্পৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা ১,৬৭৫ টা ফ্লেট উদ্বোধন কৰা হ'ব। ই বহু মানুহৰ বাবে উন্নত আৰু স্বাস্থ্যকৰ জীৱন যাপন নিশ্চিত কৰিব। মই তেওঁলোকৰ ঘৰৰ চাবি একাংশ হিতাধিকাৰীৰ হাতলৈ হস্তান্তৰ কৰিবলৈ বাট চাই আছোঁ।"

উল্লেখ্য যে, এই প্ৰকল্পৰ উদ্দেশ্য হৈছে দিল্লীৰ জেজে ক্লাষ্টাৰৰ বাসিন্দাসকলক সঠিক সুবিধাৰে সজ্জিত এক উন্নত আৰু স্বাস্থ্যকৰ জীৱন পৰিৱেশ প্ৰদান কৰা। চৰকাৰৰ দ্বাৰা এটা ফ্লেট নিৰ্মাণত ব্যয় কৰা হৈছে ২৫ লাখ টকা। হিতাধিকাৰীসকলে এই ফ্লেটৰ বাবে প্ৰাৰম্ভিকতে কেৱল মাত্ৰ ১.৪২ লাখ টকা প্ৰদান কৰিছে। ৫ বছৰৰ বাবে তেওঁলোকে ৩০,০০০ কৈ টকা পৰিশোধ কৰিব লাগিব।

ইয়াৰোপৰি আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি আন কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সেইসমূহ ক্ৰমে হৈছে নৌৰোজী নগৰত বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু সৰোজিনী নগৰত জিপিআৰএ টাইপ-২ কোৱাৰ্টাৰৰ উদ্বোধন, দ্বাৰকাত চিবিএছইৰ ইণ্টিগ্ৰেটেড অফিচ কমপ্লেক্স আৰু লগতে নজফগড়ৰ ৰোশনপুৰাত বীৰ সাভাৰকাৰ মহাবিদ্যালয়ৰ আধাৰশিলা। 

দিল্লী নৰেন্দ্ৰ মোডী